Local, Vocal, Global

Woman goes missing : সন্ধানহীন মহিলা; স্বামীয়ে হত্য়া কৰি পুতি থোৱাৰ অভিযোগ ৰাইজৰ

নিউজ ডেস্ক,৪আগষ্ট : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(Woman goes missing)।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ এইবাৰ তেজপুৰত সন্ধানহীন বোৱাৰী । তেজপুৰত বোৱাৰীৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি চৰম উত্তেজনাই বিৰাজ কৰিছে তেজপুৰ পৰ্বতীয়াৰ শাকৰ চুবৰীত৷ সন্ধানহীন মহিলগৰাকী মাধুৰিমা বৰা বুলি জানিব পৰা গৈছে ।

ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, তেজপুৰ পৰ্বতীয়া শাকৰ চুবুৰীৰ সন্ধানহীন মহিলা মাধুৰিমা বৰাক স্বামী কল্যান বৰা ওৰফে কমল ওৰফে কলাই অত্যাচাৰ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷ পিতৃৰ অত্যাচাৰৰ পৰা তেওঁলোকৰ সন্তানটিয়ে মাতৃক ৰক্ষা কৰাৰ চেষ্টা চলাই যদিও বিফল হয়।

২৯ আগষ্টৰ পৰা মাধুৰিমা নিৰুদ্দেশ হৈ থকাৰ পিছত আজি স্থানীয় ৰাইজে ক’লাইৰ বাসগৃহ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ শহুৰেককো জবাবদিহি কৰে স্থানীয় ৰাইজে৷

ক’লাই আৰু শহুৰেক যোগেনে মিলি মাধুৰিমাক হত্যা কৰি পুতি থোৱাৰ সন্দহ কৰিছে ৰাইজৰ ৷ ৰাইজৰ দাবী ক’লায়ে হত্যা কৰিছে পত্নীক ৷ ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানেও পলাতক ক’লাই৷

লগতে পঢ়ক :Tirobhava Tithi of Srimanta Sankardeva : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে শ্ৰী শ্ৰী আঠখেলীয়া নাম ঘৰত অগনন ভক্তৰ ভিৰ