Local, Vocal, Global

Tirobhava Tithi of Srimanta Sankardeva : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে শ্ৰী শ্ৰী আঠখেলীয়া নাম ঘৰত অগনন ভক্তৰ ভিৰ

দেৰগাওঁ , ৪ছেপ্টেম্বৰ : আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে গুৰুজনাৰ ৪৫৬ সংখ্যক পূণ্যতিথি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কীৰ্তন ঘৰ,নামঘৰকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে আয়োজন কৰিছে নাম-কীৰ্তনৰ (Tirobhava Tithi of Srimanta Sankardeva) ।

পুৱাৰে পৰা অসমীয়া কৃষ্টি-সংস্কৃতি, বিভিন্ন জাতি-জনজাতিক একতাৰ ডোলোৰে বান্ধি ৰখা জগত গুৰু মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষ্যে ৰাজ্যৰ আকাশে-বতাহে মুখৰিত হৈছে হৰিনামৰ ধ্বনিৰে।

অসমৰ সৰ্বস্তৰৰ জনগণৰ অন্তৰে অন্তৰে বিদ্যমান গুৰুজনাৰ প্রতি অসীম ভক্তি। সেই ভক্তিকে সাৰোগত কৰি ৰাজ্যৰ অন্যান্য প্রান্তৰ সত্ৰ নামঘৰসমূহতো শোভাযাত্রা, নাম-কীৰ্তন আদি বৰ্ণিল কাৰ্যসূচীৰ মাজেৰে গুৰুজনাৰ তিৰোভাৱ তিথি উদ্‌যাপন কৰিবলৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে।

ভক্তিৰসত বুৰ গৈছে সমগ্ৰ ৰাজ্যৰ সত্ৰ-নামঘৰ। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হোৱা সত্ৰ-নামঘৰসমূহত ভক্তপ্ৰাণ ৰাইজে বৰগীত গাই,শৰাই-নাম-প্ৰংসংগৰে গুৰুজনালৈ জনাইছে প্ৰণিপাত।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ শ্ৰী শ্ৰী আঠখেলীয়া নাম ঘৰত অগনন ভক্ত প্ৰান বাপ বৈষ্ণৱৰ ভিৰ! ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্ত!

লগতে পঢ়ক : Kamrup Metro administration issues SOP on Durga Puja :শাৰদীয় দুর্গোৎসৱ ;এইবাৰ দুৰ্গা পূজাত কি কি নিয়ম মানিব লাগিব?দুৰ্গোৎসৱক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিলে SOP