Local, Vocal, Global

Woman body found: বাথৰূমত ৰহস্যজনকভাৱে উদ্ধাৰ মহিলাৰ মৃতদেহ

নিউজ ডেস্ক,৯ফেব্ৰুৱাৰী: পুনৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা।

এইবাৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে উদ্ধাৰ মহিলাৰ মৃতদেহ। বাথৰূমৰ ভিতৰত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ। মৃত মহিলাগৰাকী শেৱালী কলিতা বুলি জানিব পৰা গৈছে।

জানিব পৰা অনুসৰি,হেঙেৰাবাৰীৰ নৱ নগৰ বিষ্ণুৰাভা পথত স্বামী গৃহত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰতে আছিল স্বামী পংকজ মহন্ত। আনফালে ঘটনাৰ সময়ত বাথৰূমৰ দৰ্জাখন খোলা আছিল। স্বামী পংকজ মহন্তৰ মতে মহিলাগৰাকীয়ে চিপ লৈ চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই চিপ লোৱা চুৰ্ণী কাটি পেলাইছিল স্বামীয়ে(Woman body found)।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বাথৰূমত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মহিলাগৰাকীক।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই এয়া আত্মহত্যা নে হত্যাকাণ্ড। আৰক্ষীৰ তদন্ত অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা।

লগতে পঢ়ক :Delhi Election Results 2025: জনতাৰ আঙুলিত ৰাজনৈতিক নেতাৰ ভৱিষ্যত অহংকাৰ আৰু আত্মবিশ্বাসক লৈ গৌৰৱ নকৰিব