Woman Among 5 Arrested For smuggling Heroin : শিলচৰত ড্ৰাগছসহ আটক মহিলা সৰবৰাহকাৰী

নিউজ ডেস্ক, ২৩ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।
এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা । একাংশ মহিলাই যেন নামি পৰিছে অপৰাধৰ জগতত ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে আৰক্ষীয়ে । অৱশ্যে ইয়াৰ মাজতে ড্ৰাগছ ব্যৱসায়ীয়ে কৌশল সলনি কৰিছে । কিন্তু কৌশল সলালেও আৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী(2 Women Arrested With Vials of Drugs & Fake Notes) ।
এইবাৰ শিলচৰত ড্ৰাগছ সৰবৰাহত নামিছে একাংশ মহিলা । একাংশ মহিলাই এতিয়াই বিভিন্ন প্ৰান্তত ড্ৰাগছ বিক্ৰী কৰি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে যুৱ প্ৰজন্মক । আৰক্ষীয়ে যিমান সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই নতুন নতুন কৌশল অৱলম্বন কৰি আছে ড্ৰাগছৰ সৰবৰাহ । কিন্তু তাৰ মাজতে আৰক্ষীয়ে অব্য়াহত ৰাখিছে অভিযান( Woman Among 5 Arrested For smuggling Heroin In Silchar) ।
এইবাৰ শিলচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । আৰক্ষীৰ অভিযান শিলচৰৰ মেহেৰপুৰত । অভিযানত মহিলাসহ ৫জন সৰবৰাহকাৰী আটক ।
উল্লেখ্য যে , শিলচৰৰ মেহেৰপুৰৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত আৰক্ষীয়ে চলাইছিল অভিযান। আৰক্ষীৰ অভিযানত জব্দ কৰে ৩০৬ গ্ৰাম হেৰ’ইন।
জানিব পৰা মতে , আটকাধীন লোকসকলৰ মাজত ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ কৰ্মচাৰী আছে। আটকধীন লোকসকল ক্ৰমে মোস্তাক আহমদ, মকবুল আলম, ৰাজন আহমদ, এমাজ হোছেইন। ইয়াৰোপৰি আটক কৰা হৈছে মস্তাক আহমদ আৰু চুমকি বেগম নামৰ এগৰাকী মহিলাক(Woman Among 5 Arrested For smuggling Heroin)।
লগতে পঢ়ক : Mobile Internet Services Stopped : সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ পিছত জম্মু আৰু কাশ্মীৰত কৰ্তন ইণ্টাৰেনট সেৱা