Local, Vocal, Global

সংসদৰ শীতকালীন অধিৱেশন ২৯ নৱেম্বৰৰ পৰা

সংসদৰ শীতকালীন অধিৱেশন অহা ২৯ নৱেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈ চলিব ৷ সম্পূর্ণ ক’ভিড প্রট’কল মানি এই অধিৱেশনৰ কার্যসূচী পৰিচালনা কৰা হ’ব ৷ বিগত বর্ষত ক’ভিড মহামাৰীৰ বাবে সংসদৰ শীতকালীন অধিৱেশন স্থগিত বাতিল কৰিবলগীয়া হৈছিল৷ ইয়াৰ বিপৰীতে বর্ষাকালীন আৰু বাজেট অধিৱেশন চমুকৈ অনুষ্ঠিত কৰা হৈছিল ৷ ক’ভিড প্রট’কল মানি অহা ২৯ নৱেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈ সংসদৰ শীতকালীন অধিৱেশন অনুষ্ঠিত কৰা হ’ব বুলি সংসদীয় পৰিক্রমাৰ কেবিনেট কমিটীয়ে সিদ্ধান্ত গ্রহণ কৰিছে ৷ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত সংসদীয় পৰিক্রমাৰ কেবিনেট কমিটীয়ে অক্টোবৰৰ শেষত ২৯ নৱেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈ সংসদৰ শীতকালীন অধিৱেশন অনুষ্ঠিত কৰাত অনুমোদন জনাইছে ৷

এই অনুমোদনত ৰাষ্ট্রপতিয়ে শীঘ্রেই অনুমোদন জনাব৷ ক’ভিড মহামাৰীৰ পৰিপ্রেক্ষিতত ১৯ দিনীয়া শীতকালীন অধিৱেশনৰ কার্যসূচীত সামাজিক দূৰত্ব বর্তাই ৰখাৰ লগতে ক’ভিডৰ সকলো প্রতিবন্ধকতা মানি লোকসভাৰ সমান্তৰালকৈ ৰাজ্যসভাৰ কার্যসূচী অনুষ্ঠিত কৰা হ’ব ৷ এই অধিৱেশন অতি গুৰুত্বপূর্ণ বিবেচিত হ’ব এই কাৰণেই যে অধিৱেশন সামৰণিৰ পাছতেই দেশৰ পাঁচখন ৰাজ্যত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷ ৰাজনৈতিকভাৱে অতি গুৰুত্বপূর্ণ উত্তৰ প্রদেশৰ লগতে পঞ্জাব, গোৱাকে ধৰি পাঁচখন ৰাজ্যৰ নির্বাচন অনুষ্ঠিত হ’ব ৷ বিজেপিৰ বাবে এই নির্বাচন ২০২৪ৰ সাধাৰণ নির্বাচনৰ ছেমিফাইনেল হিচাপে বিবেচিত হ’ব ৷