Local, Vocal, Global

সুৰাপায়ী সকলৰ বাবে এক সুখবৰ

দিল্লীত এতিয়াৰে পৰা সুৰা হোম ডেলিভাৰী দিয়াৰ ব্যৱস্থাক অনুমতি প্ৰদান কৰিছে চৰকাৰে।সুৰাৰ বিপনীসমূহত মানুহৰ সমাৱেশ ৰোধ কৰিবলৈকে দিল্লীত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
দিল্লী আবকাৰী নিয়ম, ২০২১ক অনুসৰি এল-১৩ লাইচেঞ্চৰ গৰাকীয়ে হোম ডেলিভাৰী দিব পাৰিব।ইচ্ছুক গ্ৰাহকে মোবাইলৰ এপ বা অনলাইন পৰ্টেলৰ জৰিয়তে অৰ্ডাৰ কৰিব পাৰিব।উল্লেখযোগ্য যে,মহাৰাষ্ট্ৰত সুৰা হোম ডেলিভাৰী দিয়া ব্যৱস্থা ইতিমধ্যে অব্যাহত আছে।