Local, Vocal, Global

ৰাজনীতিৰ পৰা সন্যাস ল’ব নেকি কংগ্ৰেছৰ জেষ্ঠ্য নেতা গোলাম নৱী আজাদে

নিউজ ডেস্ক,২১ মাৰ্চঃ ৰাজনীতিৰ পৰা সন্যাস ল’ব নেকি কংগ্ৰেছৰ নেতা গোলাম নবী আজাদে। শেহতীয়াকৈ এই বিশেষ খবৰটোৱৃ চৰ্চা লাভ কৰিছে ৰাজনীতিৰ মহলত।শেহতীয়াকৈ এক অনুষ্ঠানত গোলাম নবী আজাদে প্ৰদান কৰা এক ভাষণে ইয়াৰে সংকেত দিয়ে।

এই বিশেষ মন্তব্য টোৰ পৰা অতি সহজেই অনুমান কৰিব পাৰি যে বৰ্তমানৰ ৰাজনীতিৰ কিছু ক্ষেত্ৰত অসন্তুষ্টি হৈ যিকোনো মুহূৰ্তত ৰাজনীতিৰ পৰা অৱসৰ ল’ব পাৰে কংগ্ৰেছী জেষ্ঠ্য নেতাগৰাকীয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বে গোলাম নবী আজাদক পদ্মভূষণ বঁটা ঘোষণা কৰা হৈছিল আৰু আজি ৰাষ্ট্ৰপতি ভৱনত তেঁওক এই বঁটা প্ৰদান কৰা হ’ব।
ৰবিবাৰে ইয়াৰ উপলক্ষ্যে গোলাম নবী আজাদক সন্মানিত কৰাৰ উদ্দেশ্য জম্মু-কাশ্মীৰৰ হাই কৰ্ট, বাৰ এচছিয়েশ্যন আৰু জেষ্ঠ্য অধিবক্তা এম কে ভৰদ্বাজৰ তৰফৰ পৰা এক অনুষ্ঠান আয়োজন কৰা হৈছে। অনুষ্ঠানত জেষ্ঠ্য নেতাগৰাকীয়ে মন্তব্য কৰে যে,”আমি সমাজত পৰিৱৰ্তন আনিব লাগে । হঠাৎ যদি আপুনি শুনিবলৈ পাই যে মই ৰাজনীতিৰ পৰা অৱসৰ লৈ সমাজ সেৱাৰ সৈতে জড়িত হৈ পৰিছো সেইয়া কোনো ডাঙৰ কথা নহয় বুলি মই কেতিয়াবা ভাবো। তেঁও লগতে উল্লেখ কৰে যে, বৰ্তমান ভাৰতত ৰাজনীতি ইমানেই লেতেৰা হৈ পৰিছে যে কেতিয়াবা সন্দেহ হয় আমি মানুহেই নে ‘বুলি’।”

ইয়াৰোপৰি নেতাগৰাকীয়ে কয় যে ৰাজনীতিৰ দলসমূহে জাতি, ধৰ্ম আৰু অন্যান্য বিষয়সমূহক লৈ ২৪ ঘণ্টাই জনতাৰ মাজত বিভাজন সৃষ্টি কৰাৰ কাম কৰে।