Local, Vocal, Global

ড্ৰাগছৰ পৰা মুক্ত হ’ব নে কাছাৰ

নিউজ ডেস্ক, ২ ছেপ্তেম্বৰ : ৰাজ্য়ত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ৰাজ্যৰ বিভিন্ন জিলাৰ আৰক্ষীৰ লগতে কাছাৰ আৰক্ষীয়ে জিলাখন ড্ৰাগছ মুক্ত কৰাৰ বাবে আৰু ড্ৰাগছৰ বেয়া ব্যৱসায়ত জড়িত লোকসকলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে।

কাছাৰ আৰক্ষীয়ে কচুদাৰমত (Kachudaram) জাভেদ আহমেদৰ ঘৰত তালাচী চলাইছে আৰু তেওঁৰ ওচৰৰ পৰা ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিছে।

কাছাৰৰ এছ পি নুমল মাহাট্টাই (SP Numal Mahatta ) সংবাদ মাধ্যমক জনাইছিল যে ব্যক্তিজনক ৮ পেকেট ব্ৰাউন চুগাৰৰ সৈতে আটক কৰা হৈছে।

তেওঁ কয় “পেকেটবোৰত ১১০ গ্ৰাম ব্ৰাউন চুগাৰ আছিল আৰু আনুমানিক বজাৰ মূল্য আছিল ১০ লাখ টকা। আমি ১০ জনীয়া জিলা পৰ্যায়ৰ কেন্দ্ৰীভূত টাস্ক ফ’ৰ্চ গঠন কৰিছো যিয়ে সমগ্ৰ জিলাত আৰু আনকি বাংলাদেশৰ সৈতে আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত ড্ৰাগছ আৰু সকলো ধৰণৰ অবৈধ, বেয়া কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব। জিলাখনত গৰু চোৰাং ব্যৱসায়ৰ সন্দৰ্ভত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।” ।

তেওঁ আৰু কয় “লগতে, কাছাৰ আৰক্ষীয়ে জেহাদী উপাদানসমূহৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিছে। সন্মানীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নিৰ্দেশনা অনুসৰণ কৰি আমি কাছাৰক ড্ৰাগছৰ পৰা মুক্ত কৰাৰ দিশত কাম কৰিম,” ।