Local, Vocal, Global

‘অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস’ গ্ৰন্থৰ প্ৰণেতা বিশিষ্ট সাহিত্যিক-গৱেষক ড° প্ৰফুল্ল মহন্তৰ দেহাৱসান

নিউজ ডেস্ক, ২ ছেপ্তেম্বৰ : অসমৰ বিশিষ্ট লেখক তথা শিক্ষাবিদ ড০ প্ৰফুল্ল মহন্তই শুকুৰবাৰে পুৱতি নিশা ২:৫০ বজাত গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ।

বিগত কিছুদিন ধৰি এক গুৰুতৰ ৰোগত ভুগি শয্যাশায়ী হৈ আছিল আৰু দীৰ্ঘদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত (জিএমচিএইচ) চিকিৎসাধীন হৈ আছিল ভাষা-সাহিত্যৰ গৱেষকগৰাকী।

তেওঁৰ মৃতদেহ বৰ্তমান তেওঁৰ বাসগৃহলৈ লৈ যোৱা হৈছে আৰু দিনটোৰ পিছত তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হ’ব। মৃত আত্মালৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ তেওঁৰ বাসগৃহত সমবেত হৈছে হাজাৰ হাজাৰ শুভাকাংক্ষী।

উল্লেখ্য যে, ড০ মহন্ত খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ অগ্ৰগামী তৰ্ককাৰী, সূক্ষ্ম পৰ্যবেক্ষক আৰু তেওঁৰ জীৱনৰ এজন সত্যবাদী সাংবাদিক হিচাপে সমগ্ৰ অসমত জনপ্ৰিয় আছিল।

মহন্তক চিৰাং জিলাৰ বিজনীৰ এংখোং ৱেলফেয়াৰ চছাইটিৰ দ্বাৰা স্থাপিত ‘মেন অফ দা ইয়েৰ-২০১৬’ বঁটাও প্ৰদান কৰিছিল।

অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস’ গ্ৰন্থৰ প্ৰণেতা বিশিষ্ট সাহিত্যিক-গৱেষক প্ৰয়াত ড৹ মহন্তই স্বাক্ষৰ কৰি থৈ গৈছে মৰণোত্তৰ দেহদানৰ ইচ্ছাপত্ৰত ।

১৯৪১ চনত নগাঁৱৰ জাজৰি বগৰীগুৰিৰ হেমাৰবড়ি সত্ৰত জন্মলাভ কৰিছিল ‘অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস’ গ্ৰন্থৰ প্ৰণেতা প্ৰফুল্ল মহন্তই। তেওঁৰ পিতৃ থুলেশ্বৰ মহন্ত আৰু মাতৃ আছিল কিৰণ মহন্ত৷
১৯৫৭ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল ড° প্ৰফুল্ল মহন্ত।
১৯৬০ চনত আই.এ. উত্তীৰ্ণ (প্ৰাইভেট) হৈছিল ড° প্ৰফুল্ল মহন্ত
১৯৬২ চনত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল
১৯৬৩ চনত যোৰহাট P.G.T.Collegeৰ পৰা B.T.ডিগ্ৰী লাভ কৰিছিল৷
১৯৬৬ অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা৷
১৯৮৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ বিষয় আছিল “ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ উদ্ভৱ বিকাশ আৰু ব্ৰিটিছ আমোলৰ অসমৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক ৰূপান্তৰত তেওঁলোকৰ ভূমিকা (১৮২৮-১৯৪৭)”
১৯৬০ চনত কঁহিগুৰি এম.ভি.,এল.পি. স্কুলত প্ৰায় এবছৰ শিক্ষকতা কৰিছিল৷
১৯৬১-৬২ বৰপাথৰি বাপুজী হাইস্কুলত শিক্ষকতা৷
১৯৬২ চনত কুঁজিদাহ হাইস্কুলত শিক্ষকতা৷
১৯৬৬ চনৰ শেষৰফালে ডিফু কলেজৰ অসমীয়া বিষয় শিক্ষক হিচাপে যোগদান৷
১৯৬৬ চনতে ডিফু কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব গ্ৰহণ৷
১৯৬৮ চনত মৰিয়নি কলেজত অসমীয়া বিষয়ৰ শিক্ষক ৰূপে যোগদান৷ (১৯৬৬-১৯৯৪)৷
১৯৯৪ চনত আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা,অসম (আবিলেক)-ত Senior Research Fellow হিচাপে যোগদান কৰি ১৯৯৮ চনত ইয়াৰ সঞ্চালক পদ গ্ৰহণ কৰে আৰু ২০০৫ চনত অৱসৰ লয়৷
২০০৭ চনত “নতুন সময়” কাকতৰ সম্পাদক হিচাপে যোগদান কৰে৷
২০২২ চনৰ ২ চেপ্তেম্বৰ(পুৱতি নিশা ২-৫০ মিনিট)ত পৰলোকপ্ৰাপ্তি ঘটে৷


মহন্তই অসমবাসীক উপহাৰ দি গৈছে ভাষা-সংস্কৃতিমূলক কেবাখনো গ্ৰন্থ । ড° প্ৰফুল্ল মহন্তৰ ৰচনাৰাজিসমূহ হৈছে :


১) অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস
২)জনগোষ্ঠীয় চেতনাঃআত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন
৩) অসমীয়া জাতীয়তাবাদৰ উৎস প্ৰসংগ
৪) সমাজ সংস্কৃতি ইতিহাস ইত্যাদি ৫)জনজাতীয় স্বাধিকাৰ আন্দোলন আৰু বড়ো জাতি সত্তা
৬) বড়োভূমিৰ উচুপনি
৭) বিষয় : জনজাতিৰ মৰ্মবেদনা ৮)ঐতিহাসিক প্রেক্ষাপটত জনজাতীয় সমস্যা শংকৰদেৱ আৰু বড়ো জাতি ৯)ঐতিহাসিক প্রেক্ষাপটত খিলঞ্জীয়াৰ অস্তিত্বৰ সংকট আৰু অনুপ্ৰৱেশৰ সমস্যা
১০) খিলঞ্জীয়াৰ সুৰক্ষা আৰু জাতি জনগোষ্ঠীৰ ঐক্যৰ সূত্ৰধাৰ বড়োসকল ১১)হিন্দুবাদ – বর্ণবাদ বিধ্বস্ত অসমীয়া জাতীয়তাবাদ আৰু নৱজাগ্রত জনজাতীয় চেতনা
১২) আধুনিক অসমীয়া সাহিত্য : সামাজিক – বৌদ্ধিক পটভূমি আৰু অন্যান্য
১৩) সমাজনায়ক শংকৰদেৱ –ঐতিহাসিক প্ৰেক্ষাপট
উপন্যাসঃ
১৪) সোণাইৰ সোঁত
১৫)ইতিহাসে ৰিঙিয়ায়
১৬) মিলিত প্রয়াস ( ‘ আমাৰ প্ৰতিনিধি’ত প্ৰকাশিত – গ্রন্থাকাৰে অপ্রকাশিত )