Local, Vocal, Global

২০২৪ত বিজেপিয়ে লাভ কৰিবনে মেজিক নম্বৰ?

ডিজিটেল ডেস্ক: দেশৰ অষ্টাদশ লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলৈ মাজত মাত্ৰ এবছৰ থকা অৱস্থাত ঘনে ঘনে সলনি হৈছে ৰাজনৈতিক সমীকৰণ। এনডিএৰ সহযোগী দলসমূহ চৰকাৰ গঠনৰ বাবে মেজিক নম্বৰৰ অংকত ব্যস্ত। একেদৰে বিৰোধী শিবিৰৰ ৰাজনৈতিক দলসমূহেও নিজাববীয়াকৈ আৰম্ভ কৰিছে ৰাজনৈতিক ৰণকৌশল। তেওঁলোকৰো লক্ষ্য অষ্টাদশ লোকসভাত মেজিক নম্বৰ লাভ কৰক। ইতিমধ্যে বিজেপিয়ে গেৰুৱাবাহিনীৰ বাবে স্পৰ্শকাতৰ হিচাপে চিহ্নিত ১৪৪টা লোকসভা সমষ্টিক চিনাক্ত কৰি উলিয়াইছে। কেৱল সিমানেই নহয়, মিছন ১৪৪ নামেৰে এক চূড়ান্ত ৰণকৌশলো প্ৰস্তুত কৰিছে। উল্লেখ্য যে এই ১৪৪টা সংসদীয় সমষ্টিত বিজেপিৰ ৰাজনৈতিক আৰু সাংগঠনিক শক্তি যথেষ্ট দুৰ্বল। বিজেপিৰ শীৰ্ষ নেতৃত্বই স্বীকাৰ কৰিছে এই তথ্য। বিজেপি ১৪৪ৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হল ১৪৪টা সংসদীয় সমষ্টিৰ ১৩২টা সমষ্টিয়েই দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ অন্তৰ্গত। অন্য অৰ্থত দক্ষিণ ভাৰতত বিজেপিৰ ৰাজনৈতিক আৰু সাংগঠনিক শক্তি এতিয়াও নিৰ্বাচনী ৰণৰ বাবে যথেষ্ট নহয়। তাৰ বিপৰীতে দাক্ষিণাত্যত ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰি কংগ্ৰেছে নিজৰ সাংগঠনিক শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হব। সুদীৰ্ঘ ৩মহীয়া ভাৰত জোড়ো যাত্ৰাৰ সফল সমাপ্তিৰ পিছত দেশৰ অন্যতম জৰীপ গোষ্ঠী চি ভোটাৰে সম্পন্ন কৰি উলিয়াইছে প্ৰাক নিৰ্বাচনী সমীক্ষা। চি ভোটাৰৰ সমীক্ষাত কি তথ্য দিছে। দেশৰ সংবাদমাধ্যমে চি ভোটাৰৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে যে আগন্তুক সাধাৰণ নিৰ্বাচন সম্পৰ্কত দেশৰ বিভিন্ন প্ৰান্তত ১ লাখ ৩৯ হাজাৰ ভোটাৰৰ মতামত লোৱা হৈছিল। এইসকল লোকৰ গৰিষ্ঠসংখ্যকেই প্ৰকাশ কৰিছে যে ২০২৪ত অনুষ্ঠিত হবলগীয়া সাধাৰণ নিৰ্বাচনতো বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব। মুড অৱ দা নেচন নাম দি চি ভোটাৰে জৰীপৰ যি সংখ্যা প্ৰকাশ কৰিছে সেই সংখ্যা বিজেপিৰ বাবে সন্তোষজনক নহয় বুলিবই পাৰি। কিয়নো বিজেপিয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰিব পাৰিব যদিও গেৰুৱাবাহিনীৰ আসন ৩০০ৰো অধিক হব নোৱাৰে। তাৰ বিপৰীতে ২৮৪খন আসনতে হয়তো সীমাৱদ্ধ থাকিব বিজেপিৰ জয়যাত্ৰা। উল্লেখ্য যে চি ভোটাৰে ইয়াৰ পূৰ্বেও নিৰ্বাচনী সমীক্ষা প্ৰকাশ কৰিছিল। ২০২২ চনৰ আগষ্ট মাহত চি ভোটাৰে প্ৰকাশ কৰা সমীক্ষা অনুসৰি বিজেপিয়ে ২৮৩খন বা তাতকৈ কম আসন পাব পাৰে। কিন্তু তাৰ বিপৰীতে এনডিএ চৰকাৰে দাবী কৰিছে যে আগন্তুক সময়ত বিজেপিয়ে ৩০৭খন আসন লাভ কৰাটো নিশ্চিত। অৱশ্যে সেয়াও ২০১৯ৰ তুলনাত ২০খন আসন কম। আনহাতে একে সময়তে বিজেপিৰ মেৰুদণ্ড তথা অভিভাৱক হিচাপে পৰিচিত আৰ এছ এছৰ সমীক্ষা অনুসৰি ২০২৪ত অনুষ্ঠিত হবলগীয়া দেশৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে ২৫০তকৈ অধিক আসন লাভ কৰাটো সম্ভৱ নহব। কিয়নো সংগঠনটোৱে তেওঁলোকৰ স্ৱেচ্ছাসেৱকসকলৰ দ্বাৰা লাভ কৰা গ্ৰাউণ্ড জিৰো ৰিপৰ্টত এইটো স্পষ্টভাৱে উল্লেখ কৰিছে যে সাম্প্ৰতিক সময়ত দেশৰ ১৫০টা সংসদীয় সমষ্টিত বিৰোধী শিবিৰৰ ৰাজনৈতিক আৰু সাংগঠনিক শক্তি উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। তেনে পৰিস্থিতিত অষ্টাদশ লোকসভা নিৰ্বাচনত মেজিক নম্বৰ লাভ কৰাৰ সম্ভাৱনা শাসক-বিৰোধীৰ বাবে সমান সমান হৈ পৰিছে। অৱশ্যে চি ভোটাৰৰ তথ্য ৰাজহুৱা হৈছে যদিও বিজেপি অথবা এনডিএৰ কোনো শীৰ্ষ নেতাই এই সম্পৰ্ত নিজস্ব প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।