Watch | Wild elephant’s rampage at Dumuni in Baksa at night: বাক্সাৰ ডুমুনীৰ অৰ্ণিবিলত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ

মুছলপুৰ: বাক্সাৰ ডুমুনীৰ অৰ্ণিবিলত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ চলায় ৷ বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত হয় ৷ গুৰুতৰভাৱে আহত গব্ৰেল এক্কা (৪২) ক চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে পাচত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷
বনৰীয়া হাতীয়ে লোকজনক আক্ৰমণ কৰাৰ লগতে তেওঁৰ বাসগৃহ ভাঙি চুৰমাৰ কৰে ৷ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে গব্ৰেল এক্কাৰ ভড়ালৰ ধান, পাকঘৰৰ চাউল আৰু তামোল-কলগছৰ বাগান খাই তহিলং কৰে ৷
অসহায় পৰিয়ালটোৱে এতিয়া সহায় ভিক্ষা মাগিছে বন বিভাগ তথা বাক্সা জিলা প্ৰশাসনক ।