Wild elephant attack women in goreswar : বন্য হস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা
৩১জানুৱাৰী ২০২৫,তামুলপুৰ:তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী দাওৰাইজাৰত বন্য হস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা।নিশা শুই থকা অৱস্থাত বন্য হস্তীয়ে ঘৰৰ বেৰ ভাঙি গছকি নিহত কৰে মহিলা গৰাকীক।নিহত মহিলা গৰাকীৰ নাম তাৰমনী বৰ্মন (62) বুলি জানিব পৰা গৈছে। নিহত মহিলা গৰাকীৰ স্বামী পুনিল বৰ্মনো প্ৰায় ৯ বছৰ পূৰ্বে বন্য হস্তীৰ আক্ৰমণত মৃত্যু হৈছিল বুলি জানিব পৰা গৈছে।ঘটনাস্থলীত ৰাওনা তামুলপুৰ বন বিভাগৰ দল। কিছুদিন পূৰ্বে তামুলপুৰৰ হৰিনচৰা গাওঁতো একেধৰণে আক্ৰমণ চলাইছিল এটা পৰিয়াল গৃহত। যত এতিয়াও চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজিছে এগৰাকী মহিলা ।