Wild Elephanat death in Kaliabor: কলিয়াবৰত বনৰীয়া হাতীৰ কৰুণ মৃত্যু; সৰু টিলাৰ পৰা পিছলি পৰি মৃত্যু বন্যহস্তীৰ
কলিয়াবৰ,১৩অক্টোবৰ : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে। ফলত সৃষ্টি হৈছে হাতী মানুহৰ সংঘাত।
শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে(Wild Elephanat death)।ৰাজ্যত হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে। ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ এটা বন্যহস্তীৰ মৃত্যু।
কলিয়াবৰৰ ৰাঙলু আমদাঙাত এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু। প্ৰায় ২৫ বছৰীয়া দঁতাল হাতীটোৰ এটি সৰু টিলাৰ পৰা পৰি মৃত্যু হয়(Wild Elephanat death in Kaliabor)।
ৰাঙলুৰ দিশৰ পৰা আমদাঙাৰ ফালে নিশা গৈ জঙ্ঘলৰ এটি সৰু টিলাৰ পৰা পিছলি পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে হাতীটোক লগে লগে ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিয়ে।
ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে শালনা আৰু কাজিৰঙাৰ বনাঞ্চলিক বিষয়াসহ বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
বৰ্তমানলৈ অহা নাই হাতীটোৰ মৃত্য়ু কাৰণ । পশু চিকিৎসকে মৰনোত্তৰ পৰীক্ষাৰ পাছত হে সঠিক তথ্য পোহৰলৈ আহিব।
লগতে পঢ়ক : Golaghat News:গোলাঘাটত দুখনকৈ পূজা মণ্ডপৰ প্ৰতিমা ভাঙি লণ্ডভণ্ড কৰিলে দুস্কৃতিকাৰীয়ে