Local, Vocal, Global

Golaghat News:গোলাঘাটত দুখনকৈ পূজা মণ্ডপৰ প্ৰতিমা ভাঙি লণ্ডভণ্ড কৰিলে দুস্কৃতিকাৰীয়ে

দেৰগাঁও,১৩অক্টোবৰ : গোলাঘাটৰ মৰঙিত চাঞ্চল্যকৰ ঘটনা।গোলাঘাটৰ মৰঙিত দুৰ্গাপূজাস্থলীত দুৰ্বৃত্তৰ তাণ্ডৱ ।

গোলাঘাটৰ মৰঙিত দুখনকৈ পূজা মণ্ডপৰ প্ৰতিমা ভাঙি লণ্ডভণ্ড কৰে দুস্কৃতিকাৰীয়ে। মৰঙি সাৰৰ গাঁও দুৰ্গা পূজা মণ্ডপ আৰু ৰঙাজান পূজা মণ্ডপৰ প্ৰতিমা ভাঙি লণ্ডভণ্ড কৰে দুস্কৃতিকাৰীয়ে।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত উপস্থিত প্ৰশাসনৰ লোক।ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত চাঞ্চল্যই বিৰাজ কৰে। বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জড়িত এজন লোকক আটক কৰিছে । আটকাধীন লোকজন অমল বাড়া বুলি জানিব পৰা গৈছে(Golaghat News)।

লগতে পঢ়ক :Man sexually Assaults Minor : বাক্সাত ৫৫ বছৰীয়া লম্পটৰ কামনাৰ বলি সাত বছৰীয়া কনমানি