Local, Vocal, Global

Wife Killed Her Husband : ঘৰুৱা কন্দলৰ বাবেই পত্নীয়ে হত্যা কৰিলে স্বামীক

নিউজ ডেস্ক, ৯ এপ্ৰিল : ক্ৰমাৎ যেন হত্যা-হিংসাৰ বধ্যভূমিত পৰিণত হৈছে অসম ৷ প্ৰতিদিনেই এটাৰ পিচত আনটোকৈ চাঞ্চল্যকৰ অপৰাধ, হত্যাৰ ঘটনাই দখল কৰা পৰিলক্ষিত হৈছে সংবাদ মাধ্যমৰ শিৰোনাম ৷

হত্যা,হিংসা , ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)। কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। হত্যা,হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।

এইবাৰ পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি । ঘৰুৱা কন্দলৰ বাবেই পত্নীয়ে হত্যা কৰিলে স্বামীক । ডিঙি চেপি স্বামীক হত্যা কৰিলে স্বামীক(Wife Killed Her Husband) ।

বকোৰ জামবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। বকোৰ জামবাৰীত পত্নীয়ে হত্যা কৰিলে স্বামীক। মঙলবাৰে পোহৰলৈ আহে এই ভয়ংকৰ ঘটনাটো।

অভিযোগ অনুসৰি, পত্নীয়ে ডিঙি চেপি হত্যা কৰে স্বামী চাৰ্কীত ব্ৰহ্মক। আনহাতে অভিযুক্তগৰাকী ৰূপালী ব্ৰহ্ম বুলি চিনাক্ত হৈছে। দুয়োৰে ঘৰ বিজনীৰ উলুবাৰীত।

জামবাৰীত কৰ্মসূত্ৰে বসবাস কৰিছিল দুই স্বামী-স্ত্ৰীয়ে। চহিদুল ইচলামৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল দম্পতিহাল।

ইতিমধ্যে স্বামীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে পত্নী ৰূপালী ব্ৰহ্মই। ইতিমধ্যে ঘটনাস্থলীত জামবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে ৯বছৰ পূৰ্বে বিবাহ হৈছিল দুয়োৰে। দুটাকৈ সন্তানো আছে দুয়োৰে।

লগতে পঢ়ক : Dergaon Man goes missing from Kishanganj railway station : বিহু বুলি ঘৰলৈ অহা অৱস্থাতে বহিঃৰাজ্যৰ ৰে’ল ষ্টেচনত নিৰুদ্দেশ দেৰগাঁৱৰ এজন লোক