Local, Vocal, Global

Dergaon Man goes missing from Kishanganj railway station : বিহু বুলি ঘৰলৈ অহা অৱস্থাতে বহিঃৰাজ্যৰ ৰে’ল ষ্টেচনত নিৰুদ্দেশ দেৰগাঁৱৰ এজন লোক

দেৰগাঁও,৯ এপ্ৰিল : পুনৰ নিৰুদ্দেশৰ ঘটনা । বিহু বুলি ঘৰলৈ অহা অৱস্থাতে বহিঃৰাজ্যৰ ৰে’ল ষ্টেচনত নিৰুদ্দেশ দেৰগাঁৱৰ এজন লোক । হায়দৰাবাদত কৰ্মৰত আছিল নিৰুদ্দেশ হোৱা ব্যক্তিজন(Dergaon Man goes missing from Kishanganj railway station) ।

জানিব পৰা মতে, জোঁৱায়েকৰ সৈতে ৰে’লেৰে আহি আছিল লোকজন। জোঁৱায়েকৰ পৰা বিচ্ছিন্ন হৈ সন্ধানহীন হয় লোকজন । সন্ধানহীন লোকজন দেৰগাঁৱৰ ছ’গুৰি কছাৰী গাৱঁৰ ৰাজকুমাৰ ৰাজবংশী বুলি জানিব পৰা গৈছে । বয়স ৫০ বছৰৰ উৰ্ধ্বৰ । জোঁৱায়েকে সন্ধান আৰম্ভ কৰে যদিও ব্যক্তিজনৰ কোনো ধৰণৰ শুংসূত্ৰ নাপাই । ইফালে পৰিয়ালৰ লোকে ব্যক্তিজনৰ লগত যোগাযোগ স্থাপন কৰিব নোৱাৰি ভাগি পৰিছে(Dergaon Man goes missing from Kishanganj railway station) ।

কোনো সদাশয় ব্যক্তিয়ে যদি সন্ধানহীন ব্যক্তিজন সন্ধান পায় তেন্তে 9957814609 অথবা 7099841158 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ পৰিয়ালৰ লোকৰ ।

লগতে পঢ়ক : US calls on Moscow to withdraw military from Ukraine’s Zaporizhzhia nuclear plant : ইউক্ৰেইনৰ জাপোৰিঝিয়া পাৰমাণৱিক কেন্দ্ৰৰ পৰা সামৰিক বাহিনী প্ৰত্যাহাৰ কৰিবলৈ মস্কোক আমেৰিকাৰ আহ্বান