Teachers’ Day: আজি শিক্ষক দিৱস; প্ৰতিগৰাকী শিক্ষাগুৰুলৈ অযুত শুভকামনা
নিউজ ডেস্ক, ৫ছেপ্টেম্বৰ : আজি ৫ ছেপ্টেম্বৰ। শিক্ষক দিৱস । দেশৰ লগতে ৰাজ্যজুৰি উদযাপিত হৈছে এই দিৱস। প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লি ৰাধাকৃষ্ণনৰ জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় শিক্ষক দিৱস। এজন আদৰ্শ শিক্ষক হিচাবে বিশ্বত পৰিচিত ৰাধা কৃষ্ণনৰ ১৮৮৮ চনৰ ৫ চেপ্তেম্বৰত তামিলনাডুৰ তিৰুট্তানিকত জন্ম হৈছিল । তেখেত একেধাৰে এগৰাকী দাৰ্শনিক , অধ্যাপক , পণ্ডিত আৰু ৰাজনীতিবিদ আছিল ।
১৯৫৪ চনত ভাৰত ৰত্নৰে বিভূষিত হোৱা ৰাধা কৃষ্ণন ১৯৬২- ১৯৬৭ চনলৈ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল ।ৰাধাকৃষ্ণনে চেন্নাইৰ প্ৰেছিডেন্সী কলেজ আৰু কলকাতা বিশ্ববিদ্যালয়সহ বিভিন্ন কলেজ আৰু বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। তেওঁ অন্ধ্ৰ প্ৰদেশ বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয় আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপেও দায়িত্ব পালন কৰিছিল(Teachers Day)।
তেখেতৰ শিক্ষা তথা সমাজ জীৱনৰ প্ৰতি থকা অৱদানৰ বাবেই ১৯৯৫ চনৰ পৰা ৫ চেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাবে পালন কৰি অহা হৈছে । বৰ্তমান বিশ্বৰ ১০০ খন দেশত এই দিৱস পালন কৰা হয়। এই দিৱসত শিক্ষক সকলৰ অৱদানৰ কথা স্মৰণ কৰা হয়। শিক্ষকসকলৰ কষ্ট-ত্যাগক স্বীকৃতি দিয়াৰ সমান্তৰালভাবে প্ৰশংসাৰ বাবে ভাৰতে ১৯৬২ চনৰ পৰাই পালন কৰি আহিছে এই দিৱস(Why is Teachers Day celebrated on 5th September)।
উল্লেখ্য যে, ১৯৬২ চনত ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱাৰ পিছত, তেওঁৰ ছাত্ৰসকলে তেওঁৰ জন্মদিনটো উদযাপনৰ অনুমতি বিচাৰি অনুৰোধ জনায়। তেওঁ এই দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ কৈছিল। তেওঁ কৈছিল, ‘‘মোৰ জন্মদিনটো পৃথককৈ পালন কৰাৰ পৰিৱৰ্তে যদি শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেতিতায় বেছি আনন্দ পাম’’। সেয়ে বিশ্বজুৰি ৫ অক্টোবৰত পালন কৰা হ’লেও ভাৰতত ১৯৬২ চনৰ পৰা ৫ ছেপ্টেম্বৰৰ দিনটোত পালন কৰা হয় শিক্ষক দিৱস।
সমগ্ৰ দেশতে আজিৰ দিনটোত শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে শিক্ষাৰ্থীসকলে। শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ে বিদ্যালয়ে আয়োজন কৰা হয় বিভিন্ন আকৰ্ষণীয় কাৰ্যসূচীৰ।
লগতে পঢ়ক :Money trading scam sumi borah missing : চুমি বৰা ঘটনা সন্দৰ্ভত মুখ খুলিছে গায়ক দীক্ষুৱে