Local, Vocal, Global

বিয়াৰ ঘৰত ভোজখোৱা আলহীক গ্ৰেপ্তাৰ কিয় কৰিলে আৰক্ষীয়ে? জানিবলৈ পঢ়ক এই বাতৰি

নিউজ ডেস্ক: দক্ষিণ শালমাৰাত বাল্য বিবাহৰ বিৰুদ্ধে আজি আৰক্ষীৰ অভিযান চলে৷ দক্ষিণ শালমাৰা আৰক্ষী থানাৰ অন্তৰ্গত পাটাকাটা আৰু মুটাখোৱাত বাল্য বিবাহ চলি থকাৰ খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলাই৷ পাটাকাটাৰ মজিবৰ ৰহমানৰ ১৫ বছৰীয়া কন্যাৰ আছিল বিয়া৷ বিয়া চলি থকাৰ সময়য়ে আৰক্ষীয়ে অভিযান চলাই৷ কিশোৰীক বিয়া দিয়াৰ অপৰাধত মজিবৰৰ ঘৰৰ পৰা ৯ জনক আটক কৰি ৩৭২/২২নম্বৰত গোচৰ ৰুজু কৰে৷ আনহাতে মুটাখোৱাৰ শাহাবুদ্দিনৰ ১৩ বছৰীয়া কন্যাক বিয়া দিয়াৰ অপৰাধত শাহাবুদ্দিনৰ ঘৰৰ পৰা চাৰিজনক আটক কৰি ৩৭৩/২২নম্বৰত গোচৰ ৰুজু কৰে৷ দক্ষিণ শালমাৰা থানাৰ পৰিদৰ্শক ৰিতুপৰ্ণ বনিয়াই জানিব দিয়া মতে দুয়োখন বিয়া অনুষ্ঠিত কৰা অভিভাৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি মুঠ ১৩ জনক গ্ৰেপ্তাৰ কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰা হয়৷ আৰক্ষী বিষয়াজনে দক্ষিণ শালমাৰাত বাল্য বিবাহ হ’বলৈ দিয়া নহব বুলি কয়৷