Local, Vocal, Global

কোহলিৰ পৰিৱৰ্তে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়ক কোন ?

ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ (Royal Challengers Bangalore) অধিনায়ক বিৰাট কোহলিৰ (Virat Kohli) ম্যাদ শেষ । এতিয়া প্রশ্ন উত্থাপন হৈছে, তেওঁৰ পৰিৱর্তে অধিনায়ক কোন হ’ব ? আৰচিবি-ৰ নতুন অধিনায়ক হিচাপে উত্থাপিত হৈছে কেএল ৰাহুল (KL Rahul) আৰু শ্রেয়ছ আইয়াৰৰ (Shreyas Iyer) নাম । দুয়োজন বেটাৰে পঞ্জাৱ কিংছ (Punjab Kings) আৰু দিল্লী কেপিটেলছত (Delhi Capitals) পাৰফর্ম কৰিলেও, টিম মেনেজমেন্টৰ সতে একাধিক ইছ্যুত সহমত নহয় । এই দুজনৰ ভিতৰতে কোনো এজনে আৰচিবি-ৰ দায়িত্ব গ্ৰহণ কৰিব পাৰে ।

আৰচিবি-ৰ জার্ছিত কোহলিয়ে বহু ইনিংছ খেলিছে । কিন্তু দলগত সাফল্য অহা নাই । বিগত ১৩ বছৰত দলে তিনিবাৰ ৰানার্ছ হ’লেও, আইপিএল (IPL) ট্রফি হাতত ল’ব পৰা নাই । এইবাৰ দ্বিতীয় পৰ্যায়ত তেওঁক শেষবাৰ অধিনায়কত্ব কৰা দেখা গৈছিল । ২০২২ৰ আইপিএল-ৰ (IPL 2022) পূৰ্বে জানুৱাৰীত নিলাম আয়োজিত হোৱাৰ সম্ভাৱনা । ইয়াৰ আগতে ২৫ ডিচেম্বৰৰ ভিতৰত পুৰণি আঠটা ফেঞ্চাইজিক ক্রিকেটাৰ সকলক ধৰি ৰখাৰ তালিকা জমা দিব লাগিব ।

আগন্তুক সময়ত আৰচিবি-ৰ অধিনায়ক হিচাপে ডেভিড ৱার্নাৰ, জছ বাটলাৰৰ নাম উত্থাপন হ’লেও শোনিবলৈ পোৱা গৈছে কেএল ৰাহুল আৰু শ্রেয়ছ আইয়াৰে নেতৃত্ব দিয়াৰ প্রবল দাবীদাৰ । বিগত দুটা ছিজনত (season) ৰাহুলে প্রচুৰ ৰান কৰিছে । ২০২০ত ১৪টা মেচত সর্বোচ্চ ৬৭০ ৰান কৰাৰ পাছত ২০২১ত ১৩ মেচত ৬২৬ ৰান কৰিছে । তৎস্বত্বেও দলে সাফল্যৰ মুখ দেখা নাই । সেয়ে তেওঁ পুনৰ পুৰণি দলত উভতিব পাৰে ।

আনহাতে, শ্রেয়ছৰ অধিনায়কত্বত ২০২০ত দিল্লী নক-আউট হ’লেও, এইবাৰৰ ছিজন আৰম্ভ হোৱাৰ আগতেই কান্ধৰ আঘাতৰ বাবে আইপিএল খেলা নাছিল । দ্বিতীয় পৰ্যায়ত দলত উভতিব আহে যদিও অধিনায়কত্ব নিদিয়ে টিম মেনেজমেন্টে । বৰঞ্চ, ঋষভ পন্থৰ ওপৰত ভৰসা কৰে ফেঞ্চাইজিয়ে । সেয়ে এই মুম্বাইকৰে দিল্লী ত্যাগ কৰি আৰচিবি-ত নতুন ইনিংছ আৰম্ভ কৰিব পাৰে । এতিয়া আইপিএল-ত কাৰ ভাগ্য উদয় হয় সেয়াই হ’ব লক্ষ্যণীয় ।