গুৱাহাটীত কেতিয়া পাব ৫-জি সেৱা? মোদীয়ে কৰিলে মুকলি, ১৩ চহৰত সেৱা আৰম্ভ

নিউজ ডেস্ক,১ অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতত ৫জি সেৱা মুকলি কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ৫-জি সেৱা মুকলি কৰাৰ পাছত আজিৰ পৰা দেশৰ ১৩ খন চহৰত ৫-জি সেৱা আৰম্ভ হৈছে। ২০২৩ চনৰ ভিতৰত সমগ্ৰ দেশত এই সেৱা সম্প্ৰসাৰিত কৰা হ’ব। অতি-উচ্চ গতিৰ ইণ্টাৰনেট সমৰ্থন কৰিবলৈ সক্ষম হ’ব এই সেৱা৷ পঞ্চম প্ৰজন্ম বা ৫-জি সেৱাই ভাৰতীয় সমাজলৈ এক পৰিৱৰ্তনশীল শক্তি হিচাপে নতুন অৰ্থনৈতিক সুযোগ আৰু সামাজিক লাভালাভ আনিব বুলি আশা কৰা হৈছে।
৫-জি ইণ্টাৰনেট সেৱা ৪-জিতকৈ দহ গুণ বেছি গতি লাভ কৰিব, যাৰ বাবে মানুহে ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ আৰু চিনেমা, গেম, এপ্প আৰু অন্যান্য ভাষা ডাউনলোড কৰিবলৈ অতি কম সময় ল’ব। ম’বাইলত ইণ্টাৰনেটৰ গতি বৃদ্ধি হোৱাৰ সৈতে, ইণ্টাৰনেটৰ ওপৰত আধাৰিত বহুতো কাম সহজ হৈ পৰিব।
দেশৰ প্ৰথম ৰাউণ্ডত আজিৰ পৰা ১৩ খন চহৰত ৫-জি সেৱা আৰম্ভ হৈছে। এই চহৰবোৰৰ ভিতৰত আছে দিল্লী, মুম্বাই, চেন্নাই, কলকাতা, বেংগালুৰু, চণ্ডিগড়, গুৰুগ্ৰাম, হায়দৰাবাদ, লক্ষ্ণৌ, পুনে, গান্ধীনগৰ, আহমেদাবাদ আৰু জামনগৰ।
৪-জি সেৱা আৰম্ভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি টেলিকম উদ্যোগে দেশৰ ১৩০ কোটি লোকক ৫জি উপহাৰ দিছে। ৫জি হৈছে দেশৰ দুৱাৰত এটা নতুন যুগৰ আৰম্ভ। ৫জি হৈছে সুযোগৰ অসীম আকাশৰ আৰম্ভণি। ইয়াৰ বাবে মই প্ৰতিজন ভাৰতীয়ক অভিনন্দন জনাইছো। নতুন ভাৰত কেৱল প্ৰযুক্তিবিদ্যাৰ উপভোক্তা হৈ নাথাকিব৷ কিন্তু ভাৰতে সেই প্ৰযুক্তিৰ বিকাশ, ইয়াৰ ৰূপায়ণত সক্ৰিয় ভূমিকা পালন কৰিব। ভৱিষ্যতৰ বেতাঁৰ প্ৰযুক্তি ৰচনা কৰাত, ইয়াৰ সৈতে সম্পৰ্কিত উৎপাদনত ভাৰতৰ এক ডাঙৰ ভূমিকা থাকিব।