Local, Vocal, Global

কাৰ হোৱাটছএপলৈ কি মেছেজ আহে… সকলো জানে চৰকাৰৰ এইটো বিভাগে!

ডিজিটেল ডেস্কঃ সময় এতিয়া সলনি হৈছে। কাম নাথাকিলেও আজিকালি সকলোৱে ব্যস্ত থাকে। কাম নথকা সময়খিনিত কেতিয়াবা যদি ফেচবুকত ব্যস্ত থাকে, আন কেতিয়াবা আকৌ ব্যস্ত থাকে হোৱাটছএপত। এক সমীক্ষা অনুযায়ী বৰ্তমান সমগ্ৰ বিশ্বতে অধিকাংশ লোকে হোৱাটছএপ ব্যৱহাৰ কৰিয়ে দিনটোৰ বেছিভাগ সময় অতিবাহিত কৰে।

অসমতো দিনে দিনে বৃদ্ধি পাইছে হোৱাটছএপ ইউজাৰৰ সংখ্যা। এনে সময়তে কাৰ হোৱাটছএপত কেতিয়া কি মেচেজ আহে সেয়া চাবলৈ আৰম্ভ কৰিছে চৰকাৰৰ এটা বিভাগে! ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন বিশেষ ‘গ্ৰাফিক ইমেজ’।

চৰকাৰৰ এই বিভাগটোৱে বেলেগৰ হোৱাটছএপত কি মেছেজ আহে সেই কথাও লিখি ফেচবুকত পোষ্ট কৰিছে। লগতে আপোনাৰ হোৱাটছএপলৈ কি মেছেজ আহে সেই কথাও লিখি সাৱধান হ’বলৈ আহ্বান জনাইছে।

ভাইৰেল হৈ পৰা বিশেষ ‘গ্ৰাফিক ইমেজ’ত অসম চৰকাৰৰ বিভাগটোৱে আজি সন্ধিয়া কোন ক’লৈ যাব বুলি হোৱাটছএপত কোনে মেছেজ কৰিছে সেই কথাও লিখি দিছে। গ্ৰাফিক ইমেজৰ জৰিয়তে বেলেগৰ হোৱাটছএপত কি মেছেজ আহে সেয়া লিখি ফুৰা এই চৰকাৰী বিভাগটো হৈছে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগ চমুকৈ ASDMA।

অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে নিজৰ ফেচবুক পেজত শ্বেয়াৰ কৰা গ্ৰাফিক ইমেজত লিখিছে,”বেলেগৰ হোৱাটছএপত আহেঃ আজি সন্ধিয়া ফু-ফু যাম, তুমি চানমাৰিলৈ আহিবা। মোৰ মেছেজত আহে: গৰমৰ দিনত ঘৰৰ বাহিৰলৈ ওলাই যাবলগীয়া হলে সদায় ছাতি লগত লৈ ওলাব আৰু পৰাপক্ষত পাতল ৰঙৰ কপাহী কাপোৰহে পৰিধান কৰিব।”

এনেদৰে এতিয়া দুৰ্যোগ প্ৰশমন বিভাগে ম’বাইলত মেছেজ প্ৰেৰণ কৰি গৰমৰ দিনত কেতিয়া কি কাপোৰ পিন্ধিব লাগে সেয়া কৈ থকাত নেটিজেনসকলে ফেচবুক-হোৱাটছএপত ষ্টেটাছ দিছে, “উফ! ইমান কেয়াৰ।”