WEIGHT LOSS TIPS: বহু কষ্ট কৰিও ওজন কমাব পৰা নাই ?

২৭ জানুৱাৰী ২০২৫ ৱেব ডেস্ক : বহু কষ্ট কৰিও যদি আপোনাৰ ওজন কমাব পৰা নাই ?বহুতে নিয়মিতভাৱে ব্যায়াম কৰে যদিও ইয়াৰ পিচতো তেওঁলোকৰ ওজন নকমে ৷ যদি আপোনাৰ লগতো এনেকুৱা হৈছে তেন্তে হয়তো আপোনাৰ ‘স্কিনি জিন’ নাই ৷ এক অধ্যয়নত বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে কিছুমান বিশেষ ‘চৰ্বিহীন জিন’এ আমাৰ শৰীৰৰ ওজন কমাব পৰা ক্ষমতাত প্ৰভাৱ পেলায় ৷এই অধ্যয়ন এচেক্স বিশ্ববিদ্যালয় আৰু এংলিয়া ৰাস্কিন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কৰিছিল৷ গৱেষণাত তেওঁলোকে দেখিলে যে শৰীৰত ১৪টা বিশেষ জিন থাকে যিয়ে ওজন কমোৱা প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়৷ গৱেষকসকলে অনুমান কৰিছিল যে আঠ সপ্তাহৰ সহনশীলতা ভিত্তিক প্ৰশিক্ষণে শৰীৰৰ ভৰ হ্ৰাস কৰিব পাৰে ৷
কিন্তু অংশগ্ৰহণকাৰীসকলৰ মাজত ওজন হ্ৰাসৰ হাৰ ভিন্ন হ’ব পাৰে, আৰু এই পাৰ্থক্য তেওঁলোকৰ জিনৰ বাবেই হ’ব পাৰে ৷
এই অধ্যয়নত ২৩ৰ পৰা ৪০ বছৰৰ ভিতৰৰ ৩৮ জন লোকক অন্তৰ্ভুক্ত কৰা হৈছিল ৷ তেওঁলোকক দুটা ভাগত ভাগ কৰা হৈছিল ৷
এটা গোটক ব্যায়াম কৰিবলৈ কোৱা হৈছিল আৰু আনটো গোটক নিষ্ক্ৰিয় কৰি ৰখা হৈছিল ৷ ব্যায়ামৰ গোটটোৱে আঠ সপ্তাহ ধৰি সপ্তাহত ২০ৰ পৰা ৩০ মিনিট দৌৰিছিল ৷ এই সময়ছোৱাত তেওঁলোকৰ ওজন হ্ৰাস প্ৰক্ৰিয়া জুখিছিল ৷ এই অধ্যয়নৰ ফলাফলত দেখা গৈছে যে কিছুমান বিশেষ জিন থকা লোকৰ ওজন পাঁচ কিলোগ্ৰাম পৰ্যন্ত কম হয়, আনহাতে এই জিন নথকা লোকৰ ওজন মাত্ৰ দুই কিলোগ্ৰাম কমা দেখা যায় ৷