WB Panchayat poll results : আজি পশ্চিম বংগ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা
নেশ্যনেল ডেস্ক, ১১ জুলাই : বহু বাধা-বিঘিনি নেওচাৰ অন্তত আজি পশ্চিম বংগ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা পৰ্ব (WB Panchayat poll results)। মঙলবাৰে পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হৈছে ভোট গণনা প্ৰক্ৰিয়া । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হৈছে ভোট গণনা পৰ্ব(WB Panchayat poll results)।
উল্লেখ্য যে যোৱা ৮ জুলাইত ৰাজ্যখনত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন(Bengal Panchayat Election Results 2023) । পশ্চিম বংগ পঞ্চায়ত নিৰ্বাচনত ৭৩,৮৮৭ খন আসনত অৱৰ্তীৰ্ণ হৈছিল প্ৰায় ২ লক্ষাধিক প্ৰাৰ্থীয়ে। ৬১,০০০ তকৈও অধিক ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল নিৰ্বাচন । ৰাজ্যখনৰ প্ৰায় ৮০.৭১ শতাংশতকৈ অধিক লোকে ভোটদান কৰিছিল।
৮ জুলাইত ভোটগ্ৰহণৰ দিনা প্ৰায় ৫ শতাধিক বুথ কেন্দ্ৰত ৰিগিং, বলপূৰ্বক বুথ দখল, ভোটাৰক ভীতি প্ৰদৰ্শন আদি সংঘটিত হোৱাৰ পাছত ভোট গ্ৰহণ প্ৰক্ৰিয়া বাতিল কৰা হৈছিল ৷ ভোট গ্ৰহণৰ পূৰ্বৰে পৰা ৰাজ্যখনত সৃষ্টি হৈছিল হিংসাত্মক পৰিস্থিতিৰ। ফলত ৰাজ্যখনৰ ১৯ খন জিলাৰ ৬৯৬ টা কেন্দ্ৰত দেওবাৰে পুনৰ ভোটগ্ৰহণ কৰিবলগীয়া হৈছিল। কোচবিহাৰ, মালদহ আদি ঠাইত সৃষ্টি হৈছিল নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক পৰিবেশৰ। যাৰ ফলত নিহত হৈছিল কেইবাগৰাকী লোক।
ৰাজ্যখনত শিক্ষক নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত হৈ মমতা চৰকাৰৰ একাধিক গ্ৰেপ্তাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত মমতা বেনাৰ্জী চৰকাৰৰ জনপ্ৰিয়তাৰ একপ্ৰকাৰৰ পৰীক্ষা হিচাবে যথা সময়ত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত কেইবাটাও হিংসাত্মক ঘটনাত ১৫ জনৰো অধিক লোকৰ মৃত্যু হৈছিল ৷
লগতে পঢ়ক : 2024 Lok Sabha polls: বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডাৰ অধ্যক্ষতাত হায়দৰাবাদত আঞ্চলিক পৰামৰ্শদাতা বৈঠক