NIA raids 5 places in Kashmir : সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ গোচৰত দক্ষিণ কাশ্মীৰৰ ৫ স্থানত NIAৰ অভিযান
নেশ্যনেল ডেস্ক, ১১ জুলাই : জম্মু-কাশ্মীৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ তালাচী অভিযান (NIA raids 5 places in Kashmir) । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই মঙলবাৰে এটা সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ গোচৰত দক্ষিণ কাশ্মীৰৰ পাঁচটা স্থানত তালাচী চলাইছিল(NIA raids 5 places in Kashmir)। চলিত বৰ্ষৰ মে’ মাহত জম্মু-কাশ্মীৰৰ বুদগাম, শ্বপিয়ান, পুলৱামা, শ্ৰীনগৰ আৰু অনন্তনাগ জিলাৰ ১৩ টা স্থানত তালাচী চলাইছিল যিটো ভৌতিক আৰু চাইবাৰস্পেছ দুয়োটা ৰ জৰিয়তে সন্ত্ৰাসবাদী সংগঠনৰ দ্বাৰা ষড়যন্ত্ৰ সৃষ্টিৰ সৈতে জড়িত।
ৰাজ্যখনত নতুনকৈ গঠন হোৱা কেতবোৰ সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে দক্ষিণ কাশ্মীৰৰ তুৰ্কাৱাংগাম আৰু কাপ্ৰান গাঁৱকে ধৰি ৫স্থানত চলা নিয়াৰ এই অভিযানত বহু আপত্তিজনক তথ্য আৰু ডিজিটেল সামগ্ৰী উদ্ধাৰ কৰে(National Investigation Agency)।
এই সমূহ সন্ত্ৰাসবাদী সংগঠনে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লাছখাৰ-ই-তৈবা (এলইটি), জৈশ-ই-মহম্মদ (জেইএম), হিজব-উল-মুজাহিদীন (এইচএম) আৰু আল-বদৰ আদিৰ সৈতে বিভিন্ন সময়ত সহযোগিতা কৰাৰ সন্দেহত নিয়াই উক্ত অভিযান চলায়। উল্লেখ্য যে,জম্মু-কাশ্মীৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সহায়ত নিয়াৰ চোৰাংচোৱাই এই অভিযান চলায়।
উল্লেখ্য যে যোৱা বছৰ গোচৰ ৰুজু কৰা অনুসৰি , নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনে জম্মু-কাশ্মীৰত আঠাযুক্ত বোমা, ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (Improvised Explosive Devices (IED)) আৰু ক্ষুদ্ৰ অস্ত্ৰৰে হিংসাত্মক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল।
সংস্থাটোৱে পূৰ্বে জনোৱা অনুসৰি জম্মু-কাশ্মীৰৰ শান্তি আৰু সাম্প্ৰদায়িক বিভেদ বিঘ্নিত কৰিবলৈ স্থানীয় যুৱক-যুৱতী আৰু ভূগৰ্ভস্থ শ্ৰমিকৰ সৈতে মিলি এই সন্ত্ৰাসবাদী সংগঠনসমূহে সন্ত্ৰাস আৰু হিংসাত্মক কাৰ্য্য সংঘটিত কৰাৰ বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ আছিল ।
ইয়াৰ পূৰ্বে ২৬ জুনত ৰাষ্ট্ৰীয় তদন্ত সংস্থাই যোৱা বছৰ সংস্থাটোৱে পঞ্জীয়ন কৰা সন্ত্ৰাস সম্পৰ্কীয় গোচৰৰ সৈতে জড়িত একাধিক স্থানত তালাচী চলাই আছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
NIA হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া এক বিশেষ আইন প্ৰয়োগকাৰী সংস্থা । গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ স্বাক্ষৰিত ডিক্রী অনুসৰি এই সংস্থাটোৱে ৰাজ্যসমূহৰ পৰা বিশেষ সন্মতিৰ প্রয়োজন নোহোৱাকৈ ৰাজ্যজুৰি সন্ত্ৰাসবাদ সম্পৰ্কীয় অপৰাধৰ তদন্ত চম্ভালিবলৈ কৰ্তৃত্ব লাভ কৰিছে।
লগতে পঢ়ক : WB Panchayat poll results : আজি পশ্চিম বংগ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা