WATCH | Sensational incident : নাজিৰাৰ মলাগাঁৱত অবৈধ মাটিখননস্থলীত নিশা অঘটন
গেলেকী,২০এপ্ৰিল : নাজিৰাৰ মলাগাঁৱত অবৈধ মাটিখননস্থলীত নিশা অঘটন ।
মলাগাঁৱত উদ্ধাৰ মহেন্দ্ৰ গগৈ নামৰ এজন লোকৰ মৃতদেহ ।
জানিব পৰা মতে, দিনৰ ভাগত অবৈধ মাটি খননত বাধা দিছিল ব্যক্তিজনে(Sensational incident)।
স্থানীয় ৰাইজৰ অভিযোগ, অবৈধ মাটিখননৰ লগত জড়িত ডাম্পাৰে ব্যক্তিগৰাকীৰ খুন্দা মাৰে ।
স্থানীয় ৰাইজৰ সন্দেহৰ ভিত্তিত নাজিৰা আদৰ্শ আৰক্ষী থানাই জব্দ কৰে অবৈধ মাটিখননৰ লগত জড়িত ডাম্পাৰ আৰু জে চি বি৷
বনবিভাগৰ ছত্ৰ ছায়াত নাজিৰাৰ, গেলেকী আদি বিভিন্ন স্থানত একাংশ ভূ-মাফিয়াই চলাইছে অবৈধ মাটিখনন ৷
বৃদ্ধি পাইছে অবৈধ মাটিখননৰ সৈতে জড়িত ডাম্পাৰৰ দৌৰাত্ম্য ৷
এই সমূহ অবৈধ খনন বন্ধ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে প্ৰশাসন ।
যাৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হ’বলৈ পাইছে বুলি ৰাইজৰ অভিযোগ।
লগতে পঢ়ক : WATCH | Cancer Patients Increasing in the State : ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা