Local, Vocal, Global

Watch | Senior journalist Surya Kumar Bora felicitated on the occasion of Apku’s 32nd Foundation Day in Sonari: সোণাৰিত আপকুৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে জ্যেষ্ঠ সাংবাদিক সূৰ্য্য কুমাৰ বৰাক সম্বৰ্ধনা জ্ঞাপন

সোণাৰি: অসমত কৰ্মৰত মফচলিয় সাংবাদিক সকলৰ অন্যতম শক্তিশালী সংগঠখন অসম প্ৰেছ কৰেস্পন্ড়েন্টেছ্ ইউনিয়ন চমুকৈ আপকুৰ ৩২ সংখ্যাক প্ৰতিষ্ঠা দিৱসটি আজি সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত উদযাপন কৰা হয়।

এই উপলক্ষে আজি সোণাৰিৰ জ্যেষ্ঠ সাংবাদিক, অসমীয়া প্ৰতিদিন কাকতৰ সোণাৰিৰ সংবাদদাতা সূৰ্য্য কুমাৰ বৰাক সংগঠনটোৰ তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

আপকুৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি সঞ্জীৱ গগৈ, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কেশৱ গগৈ আদিৰ নেতৃত্বত সংগঠনটোৰ এটা প্ৰতিনিধি দিলে বিশিষ্ট সাংবাদিক গৰাকীৰ সোণাৰি স্থিত বাসভৱনত উপস্থিত হৈ তেখেতক সম্বৰ্ধনা জনায়। ইয়াৰ পূৰ্বে আজি পুৱা আপকুৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পতাকা উত্তোলন কৰা হয়।