Watch | Satya Ranjan Bora stopped his speech at the sound of the Azan: আজানৰ মাতত নিজৰ ভাষন বন্ধ কৰিলে সত্যৰঞ্জন বৰাই
গুৱাহাটী: শুকুৰবৰীয়া নামাজৰ সময়তে শিৱদৌলত দেখা গ’ল সম্প্ৰীতিৰ এনাজৰী। শিৱসাগৰত অনুষ্ঠিত হৈ থকা মহা শিৱৰাত্ৰি পূজা আৰু মেলাৰ সামৰনি অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল কুতুম্ব সুৰক্ষা সমিতিৰ সভাপতি সত্যৰঞ্জন বৰা। ভাষনৰ মাজতে ঐতিহাসিক শিৱ দৌলৰ সমীপতে থকা মছজিদৰ পৰা আজানৰ মাত ভাহি অহাৰ লগে লগে নিজৰ ভাষন বন্ধ কৰি দিয়ে বৰাই। বিভিন্ন সময়ত ইছলাম ধৰ্মৰ সমালোচনাত মুখৰ হোৱা সত্যৰঞ্জন বৰাই আজি শিৱৰাত্ৰি পূজা আৰু মেলাৰ সমৰণি অনুষ্ঠানত আজানৰ মাত শুণি কৰা এনে সুন্দৰ আচৰনে দৃষ্টি কাঢ়িলে সকলোৰে।