WATCH | Panchayat Election 2025 : উৎকণ্ঠা বৃদ্ধি পাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰ
সৰভোগ,১৬এপ্ৰিল : বৰপেটা জিলা সৰভোগ ভৱানীপুৰ সমষ্টিৰ চৌদিশে বলিছে পঞ্চায়ত নিৰ্বাচনৰ। উৎকণ্ঠা বৃদ্ধি পাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰ।
সৰভোগৰ ৭ নং নিচুকা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৯ নং খণ্ডৰ সাহপুৰ সৰভোগ গাৱৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী কুলছুম খাতুন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে।
নিচুকা পঞ্চায়তৰ ৰাইজৰ যথেষ্ট সহাৰি সমৰ্থনত উৎকণ্ঠা বৃদ্ধি পাইছে ভোটাৰ ৰাইজৰ মাজত(Panchayat Election 2025)।
দুৰ্নীতিমুক্ত পঞ্চায়ত গঠনৰ লক্ষ্যৰে আৰু ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ৯ নং খণ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী কুলছুম খাতুনে । কুলছুম খাতুনৰ প্ৰতীক চিহ্ন হৈছে টৰ্চ লাইট
বিশেষকৈ নিচুকা পঞ্চায়তৰ মূল সমস্যা হৈছে ৰাস্তা ঘাট আৰু গৰাহখহনী বিধৱা পেঞ্চন , অৰুনোদয় আচনিৰ সমস্যা এই সকলো সমস্যা সমাধান কৰিব বুলি উল্লেখ কৰে ।
বিগত সময়ছোৱাত ৱাৰ্ড সদস্যই যি উন্নয়নৰ কাম কৰিছিল তাতকৈ এইবাৰ কুলছুম খাতুনে অধিক উন্নয়নৰ কাম কৰিব বুলি জানিব দিয়ে ।
লগতে পঢ়ক :WATCH | Nalbari News : থলুৱা শিক্ষিত যুৱকৰ অসমীয়াগিৰি