Watch| Nagarbera news: পাৰাস্তম্ভ দৈনিক বৃদ্ধি পোৱাৰ লগে লগে বাঢ়িছে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ
নগৰবেৰা: পাৰাস্তম্ভ দৈনিক বৃদ্ধি পোৱাৰ লগে লগে বাঢ়িছে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ। এই কেইদিনত কামৰূপ জিলাৰ নগৰবেৰাৰ লগতে দক্ষিণ বৰপেটাৰ চৰকাৰী চিকিৎসালয় সমূহত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা।
চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকে জনোৱা মতে, গৰম মাত্ৰা বৃদ্ধি পোৱাৰ লগে লগে ভাইৰেল জ্বৰ, চৰ্দি, কাঁহ আৰু টায়ফয়েডত আক্ৰান্ত ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।
চৰকাৰী চিকিৎসালয় সমূহত পৰ্যাপ্ত দৰৱৰ ব্যৱস্থা আছে যদিও এইখিনি সময়ত কিছু সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে চিকিৎসকে। অধিক মাত্ৰাত বিশুদ্ধ খোৱাপানী খোৱাৰ লগতে ফলৰ ৰস আদি সেৱন কৰিবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে। জ্বৰ হলেই চিকিৎসকৰ পৰামৰ্শ লবলৈ আহ্বান জনাইছে চিকিৎসকে। বিশেষকৈ শিশুৰ ক্ষেত্ৰত অধিক যত্নপৰ হবলৈ আহ্বান জনাই ।
লগতে পঢ়ক: