Watch | Kharrupetia police arrested the notorious criminal Saidur Rahman: খাৰুপেটীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুধৰ্ষ ছাইবাৰ অপৰাধী ছাইদুৰ ৰহমানক
দলগাঁও : খাৰুপেটীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুধৰ্ষ ছাইবাৰ অপৰাধী ছাইদুৰ ৰহমানক ।
গুৱাহাটী ছমাইলৰ এটা ফ্লেটৰ পৰা খাৰুপেটীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ছাইবাৰ অপৰাধীটোক।
অভিযোগ মতে, খাৰুপেটীয়াৰ জুলফিকৰ আলী , মণ্ডল হক কিনু আলী, আৰিফুল হুছেইন নামৰ আৰক্ষী কনষ্টিবল পৰা একাউণ্ট হেক কৰি , ভুৱা একাউণ্ট বনাই ১৫ লক্ষাধিক টকা বেংকৰ পৰা লুটিছিল ।
অভিযোগকাৰীৰ বেংক একাউণ্ট আপটুডেট কৰাৰ পিছত পোহৰলৈ আহে চাইদুৰ ৰহমানৰ ছাইবাৰ অপৰাধৰ তথ্য
ঘটনা সন্দৰ্ভত খাৰুপেটীয়া আৰক্ষী থানাত দুধৰ্ষ অপৰাধী চাইদুৰৰ বিৰুদ্ধে ৬৭/২৫ নম্বৰত গোচৰ ৰুজু হৈছিল।
উল্লেখ যে ছাইবাৰ অপৰাধৰ সৈতে জড়িত দলগাৱৰ দুধৰ্ষ ছাইদুৰ ৰহমানে বহুতৰে পৰা প্ৰৱঞ্চনাৰে অনুৰূপ ঘটনা সংঘটিত কৰি কোটি টকা কৰি আত্মসাত কৰাৰ সন্দেহ।
দুধৰ্ষ ছাইবাৰ অপৰাধী গ্ৰেপ্তাৰ হোৱাৰ পিছত এটাৰ পিছত আনটো প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে।
অধিক তথ্যৰ বাবে আৰক্ষীয়ে ছাইদুৰৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক: Watch | Nagaon news: ১১ বজালৈকে চৰকাৰী কাৰ্যালয়ত উপস্থিত নাই বিভাগৰ সৰহ সংখ্যক কৰ্মচাৰী