Watch | Jorhat news: কৃষকৰ সমস্যা সমাধানৰ দাবীৰে যোৰহাট জিলা আয়ুক্তক AJYCPৰ স্মাৰক পত্ৰ প্ৰদান
যোৰহাট: অসমৰ বহু ঠাইত এতিয়া খৰাং বতৰৰ বাবে খেতি কৰিব পৰা নাই কৃষকসকলে । কেৱল নামত থকা জলসিঞ্চন বিভাগটোৱে কৃষিভূমিসমূহত জলসিঞ্চনৰ ব্যৱস্থা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । কেৱল এইয়াই নহয়,আন বহু গুৰুতৰ সমস্যাৰ সন্মুখীন হৈ আহিছে কৃষকসকল ।
বঞ্চিত হৈছে প্ৰাপ্য সা সুবিধা আৰু অধিকাৰৰ পৰা । কৃষকসকলক তেওঁলোকৰ প্ৰাপ্য অধিকাৰ,সা-সুবিধা প্ৰদানৰ লগতে খৰাং হোৱা কৃষিভূমিসমূহত পৰ্যাপ্ত জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় শনিবাৰে যোৰহাট জিলা আয়ুক্তৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে । সংগঠনটোৰ যোৰহাট জিলা সমিতিৰ সভাপতি অসীম জ্যোতি শইকীয়া আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰাঞ্জল দাসৰ নেতৃত্বত প্ৰদান কৰা হয় এই স্মাৰক পত্ৰ ।
লগতে পঢ়ক: Watch | AATSA Protest: ডঃ ভূপেন হাজৰিকা সেতুৰ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আটচাৰ প্ৰতিবাদ