Local, Vocal, Global

Watch | Boko news : বকোৰ ছয়গাঁৱত শোকাৱহ পথ দুৰ্ঘটনা

বকো:বকো- ছয়গাঁও সমষ্টিৰ ছয়গাঁৱত শোকাৱহ পথ দুৰ্ঘটনা। থিতাতে নিহত হয় ইলিয়াছ আলি নামৰ এজন ব্যক্তি। ডাম্পাৰৰ খুন্দাত নিহত হোৱা ইলিয়াছ আলি ছয়গাঁও ঢেকেনাবৰীৰ বুলি জানিব পৰা গৈছে। ই-ৰিক্সা চলাই ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ আছিল ব্যক্তিজন।

জানিব পৰা মতে, ইলিয়াছ আলিয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিজৰ ই-ৰিক্সা খন ৰখাই ভাল কৰি আছিল । সেই সময়তে গুৱাহাটীৰ পৰা বকো অভিমুখে গৈ থকা ডাম্পাৰ এখনে মহতিয়াই লৈ যায় ব্যক্তিজনক আৰু ঘটনাস্থলীতে মৃত্যু হয় ইলিয়াছ আলিৰ।

তাৰপাছতে ডাম্পাৰৰ খন ছয়গাঁৱৰ গোৱৰ্ধনত ৰাইজে আৱদ্ধ কৰে । দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নম্বৰ-as01r c3803

লগতে পঢ়ক : Watch | Biswanath news : বকোৰ জামবাৰী কলহী নৈৰ সমিপত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীৰ লগতে সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক উদ্ধাৰ