Wall Collapse in Greater Noida Kills Three Children, Injures Five : হঠাতে খহি পৰিল এটা নিৰ্মীয়মাণ ঘৰ;নিহত ৩টা শিশু,আহত ৫টা শিশু

নেশ্যনেল ডেস্ক,২৯জুন : হঠাতে খহি পৰিল এটা নিৰ্মীয়মাণ ঘৰ । ঘৰৰ দেৱাল ভাঙি ৩টা শিশুৰ। ধ্বংসাৱশেষৰ তলত সোমাই পৰে ৮টাকৈ শিশু৷
গ্ৰেটাৰ নয়ডাৰ সুৰজপুৰ আৰক্ষী থানা অঞ্চলৰ খোদনা কালা গাঁৱত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা।শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো(Wall collapses, 3 kids playing near it die) ।
এই ভয়ংকৰ দুৰ্ঘটনাটোৰ সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ গৈ তৎক্ষণাত দুৰ্ঘটনাস্থলীত উপস্থিত হৈ শিশুকেইটাক ধ্বংসাৱশেষৰ তলৰ পৰা উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰায় । কিন্তু চিকিৎসালয়লৈ গৈ পোৱাৰ লগে লগে তিনিটা শিশুৰ মৃত্যু হয় । আনহাতে, পাঁচটা শিশুক সংকটজনক অৱস্থাত হস্পিতালত ভৰ্তি কৰাই ।ইফালে এই ভয়ংকৰ ঘটনাৰ খবৰ স্থানীয় লোকে আৰক্ষীক দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকলো উপস্থিত হয়(Wall Collapse in Greater Noida Kills Three Children, Injures Five) ।
উল্লেখ্য যে, বৰ্তমান দিল্লীকে ধৰি সমগ্ৰ এন চি আৰ অঞ্চলত ধাৰাসাৰ বৰষুণ হৈ আছে । তাৰে মাজতে সুৰজপুৰ আৰক্ষী থানাৰ অধীনৰ খোদনা কালা গাঁৱত নিৰ্মীয়মাণ ঘৰটো খহি পৰে । সেই সময়ত তাত ৮ টা শিশুৱে খেলি আছিল । কিন্তু হঠাতে ঘৰটোৰ চাল আৰু দেৱাল খহি পৰাত তেওঁলোক ঘৰটোৰ ধ্বংসাৱশেষৰ তলত পোত যায় আৰু গুৰুতৰভাৱে আহত হয় ।
যুটীয়া আৰক্ষী আয়ুক্ত শিৱহাৰী মীনাই জনোৱা অনুসৰি , সুৰজপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চাগিৰৰ নিৰ্মীয়মাণ ঘৰটো শুকুৰবাৰে সন্ধিয়া হঠাতে খহি পৰে । সেই সময়ত তাত ৮ টা শিশুৱে খেলি আছিল । কিন্তু হঠাতে ঘৰৰ চাল আৰু দেৱাল খহি পৰাত সকলোকে ধ্বংসাৱশেষতে আৱদ্ধ হৈ পৰে ।
এই তথ্য লাভ কৰাৰ পিচত আৰক্ষী আৰু প্ৰশাসনকে ধৰি গাঁৱবাসী ঘটনাস্থলীত উপস্থিত হৈ ধ্বংসাৱশেষ আঁতৰাই তাৰ পৰা আটাইকেইটা শিশুক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱায় । তাত চিকিৎসকে তিনিটা শিশুক মৃত বুলি ঘোষণা কৰে । বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা পাঁচটা শিশু গুৰুতৰভাৱে আহত হৈছে(3 children killed, 5 injured after under-construction house collapses in Surajpur) ।
স্থানীয় বাসিন্দা ৰহিমুদ্দিনে জনোৱা মতে, নিহত আৰু আহত শিশুকেইটাক আয়েশা(১৬), আহাদ(৪), হুছেইন(৫), আদিল(৮), আলফিজা(২), চোহানা(১২), ভাচিল(১১) আৰু সমীৰ (১৫) বুলি চিনাক্ত কৰা হৈছে । ইয়াৰে ভিতৰত চিকিৎসাৰ সময়ত আহাদ, আদিল আৰু আলফিজাৰ মৃত্যু হয় । অৱশ্যে ঘৰটো কিয় খহি পৰিল, তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । কিন্তু অতিমাত্ৰা বৰষুণৰ বাবেই ঘৰটো খহি পৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ।