Local, Vocal, Global

Lovlina Borgohain goes to Paris Olympics : পুনৰ ইতিহাস ৰচনাৰ সপোন লৈ পেৰিছ অভিমুখে ৰাওনা বক্সাৰ লাভলীনা বৰগোঁহাই

নিউজ ডেস্ক,২৯জুন : পুনৰ ইতিহাস ৰচনাৰ সপোন লৈ পেৰিছ অভিমুখে ৰাওনা হৈছে বক্সাৰ লাভলীনা বৰগোঁহায়ে।

এইবাৰ ফ্ৰান্সৰ ৰাজধানী পেৰিছত ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ বিশ্বৰ ক্ৰীড়া মহাৰণ অলিম্পিক অনুষ্ঠিত হ’ব ।লাভলীনা বৰগোঁহাইসহ ভাৰতীয় বক্সাৰৰ দলটোৱে সদ্যহতে জাৰ্মানীৰ ছাৰব্ৰুকেন নগৰীত ২২ জুলাইলৈ প্রশিক্ষণ গ্ৰহণ কৰিব। জাৰ্মানীৰ পৰাই লাভলীনা বৰগোঁহাইসহ ভাৰতীয় দলটোৱে পোনে পোনে পেৰিছত উপস্থিত হৈ অলিম্পিকত অংশ ল’ব(Lovlina Borgohain goes to Paris Olympics)।

উল্লেখ্য যে, ২০২০ চনৰ টকিঅ’ অলিম্পিকৰ দৰে এইবাৰৰ পেৰিছ অলিম্পিকতো বক্সিঙত ভাৰতীয় দলটোত স্থান লাভ কৰিছে অসমকন্যা লাভলীনা বৰগোঁহায়ে । লক্ষণীয় বিষয় যে টকিঅ’ অলিম্পিকত লাভলীনা বৰগোঁহায়ে ৬৯ কেজি ওজনৰ শাখাত অৱতীৰ্ণ হৈছিল যদিও এইবাৰৰ অলিম্পিকত ৭৫ কেজি ওজনৰ শাখাত অৱতীৰ্ণ হ’ব ।

আনহাতে, ২০২২ চনৰ এছিয়ান গেমছতো লাভলীনা বৰগোঁহায়ে পদক লাভেৰে অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল । লাভলীনা বৰগোঁহায়ে পেৰিছ অলিম্পিকত পদক লাভেৰে পুনৰ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী অসমবাসী ।

লগতে পঢ়ক : Massive fire breaks out in Jonai : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত চাৰিটাকৈ বাসগৃহ