Wait gets longer for Vinesh as CAS defers decision till August 13 : ১৩ আগষ্টত নিৰ্ণয় হ’ব ভিনেশ ফোগাটৰ ভাগ্য
নিউজ ডেস্ক,১১আগষ্ট : ১৩ আগষ্টত নিৰ্ণয় হ’ব ভিনেশ ফোগাটৰ ভাগ্য। বিনেশ ফোগাটক পেৰিছ অলিম্পিকৰ মল্লযুঁজৰ ৫০ কেজি শাখাৰ ফাইনেলৰ বাবে অযোগ্য ঘোষণা কৰিছিল। বিনেশ ফোগাটক মাত্ৰ ১০০ গ্ৰাম অতিৰিক্ত ওজনৰ বাবে ফাইনেলত অংশগ্ৰহণৰ পৰা বঞ্চিত কৰা হৈছিল । তাৰ পিছতে এই সিদ্ধান্তৰ বিৰুদ্ধে আন্তৰ্জাতিক ক্ৰীড়া আদালতত আবেদন দাখিল কৰিছিল(Wait gets longer for Vinesh as CAS defers decision till August 13)।
১১ আগষ্টত অৰ্থাৎ আজি এই সন্দৰ্ভত চি এ এছে(Court of Arbitration for Sport)সিদ্ধান্ত দিয়াৰ কথা আছিল যদিও পুনৰ এই দিন পিছুৱাই দিয়া হৈছে । এই গোচৰৰ ৰায় প্ৰথমে শনিবাৰে দিয়াৰ কথা আছিল যদিও সেই ৰায় দেওবাৰলৈ স্থগিত ৰখা হৈছিল। কিন্তু আজিও ঘোষণা নহয় এই আবেদনৰ সিদ্ধান্ত। ১৩আগষ্টতহে আবেদনৰ সিদ্ধান্ত ঘোষণা কৰিব আন্তজাৰ্তিক ক্ৰীড়া আদালতে।