Veteran Marathi actor Vijay Kadam dies of cancer at 68 : মাৰাঠী সাংস্কৃতিক উদ্যোগৰ জনপ্ৰিয় অভিনেতা বিজয় কদমৰ দেহাৱসান
নিউজ ডেস্ক,১১আগষ্ট : মাৰাঠী সাংস্কৃতিক উদ্যোগৰ জনপ্ৰিয় অভিনেতা বিজয় কদমৰ দেহাৱসান। শনিবাৰে মায়ানগৰী মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতা বিজয় কদমে। ৬৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতাজনে(Veteran Marathi actor Vijay Kadam dies of cancer at 68)।
অভিনেতাগৰাকীৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে তেওঁৰ অভিনেতা বন্ধু জয়ন্ত ৱাডকাৰে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত ভুগি আছিল জনপ্ৰিয় অভিনেতাগৰাকী। প্ৰথমতে সুস্থ যদিও পৰৱৰ্তী সময়ত তেওঁৰ স্বাস্থ্যৰ অৱস্থা পুনৰ অৱনতি ঘটে। প্ৰায় ২৫ দিন পূৰ্বে অভিনেতাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটে।
তেওঁৰ বন্ধুৱে কয় যে ‘‘তেওঁ বৰ প্ৰতিভাশালী অভিনেতা আছিল। মাৰাঠী চিনেমাৰ পৰা হিন্দী ছবিলৈকে তেওঁৰ কেৰিয়াৰত বিভিন্ন ধৰণৰ প্ৰকল্পৰ সন্ধান কৰিছে। তেওঁৰ দৰে অভিনেতা পুনৰ বিচাৰি পোৱাটো অসম্ভৱ। তেওঁৰ মৃত্যুৱে শূন্যতা এৰি থৈ গৈছে।’’
এগৰাকী শিশু অভিনেতা হিচাপে বিজয় কদমে থিয়েটাৰত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। আশীৰ দশকত কমেডী চৰিত্ৰত খ্যাতি অৰ্জন কৰিছিল জনপ্ৰিয় অভিনেতা বিজয় কদমে। টেলিভিছনৰ ধাৰাবাহিক আৰু চিনেমাতো নিজৰ অভিনয়ৰ জৰিয়তে নিজৰ খ্যাতি অৰ্জন কৰিছিল অভিনেতা বিজয় কদমে(Veteran Marathi actor Vijay Kadam dies of cancer at 68)।
লগতে পঢ়ক : Dead body recovered : খালত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ