Local, Vocal, Global

Watch : Voting for the second phase of panchayat elections today: আজি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ

নিউজ ডেস্ক : আজি ৭ মে’ত ৰাজ্যৰ ১৩খন জিলাত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন । পুৱা ৭.৩০ বজাৰ লগে লগে ১৩খন জিলাত আৰম্ভ হৈছে ভোটগ্ৰহণ। ভোটকেন্দ্ৰত পুৱাৰে পৰা ভোটাৰৰ দীঘলীয়া শাৰীদ্বিতীয় পর্যায়ৰ নিৰ্বাচন অনুষ্ঠিত জিলাকেইখন হ’ল ক্রমে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং। দ্বিতীয় পর্যায়ৰ পঞ্চায়ত নির্বাচন জিলাকেইখনৰ সৰ্বমুঠ ভোটাৰ হ’ল ৯১ লাখ ৩১ হেজাৰ ১২৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ হ’ল ৪৬ লাখ ৩০ হেজাৰ ৯২৪ জন আৰু মহিলা ভোটাৰ হ’ল ৪৪ লাখ, ৯৯ হেজাৰ ৯৫২ গৰাকী। মুঠ ভোটগ্রহণ কেন্দ্র হ’ল ১২,১৩০ টা। দ্বিতীয় পর্যায়ৰ নির্বাচনত সর্বমুঠ ২৯,৬০৮ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে।