Local, Vocal, Global

Volvo Bus Catches Fire In Gurugram : নৈশবাছত ভয়ংকৰ অগ্নিকাণ্ড; দুজন নিহত, ১২ জন যাত্ৰী গুৰুতৰভাৱে অগ্নিদগ্ধ

নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ : নৈশবাছত ভয়ংকৰ অগ্নিকাণ্ড । দাউ দাউকৈ জ্বলি উঠিল নৈশবাছ(Volvo Bus Catches Fire In Gurugram) ।

জানিব পৰা মতে, দিল্লী-গুৰুগ্ৰাম এক্সপ্ৰেছৱে’ত নৈশবাছত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাট সংঘটিত হয় ৷ জয়পুৰৰ পৰা দিল্লী অভিমুখে গৈ থকা এ আৰ ০১ কে ৭৭০৭ নম্বৰৰ ডাবল ডেকাৰ বাছখনত হঠাত দাউ দাউকৈ জ্বলি উঠিল জুই । অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত বাছখনত প্ৰায় ৪০ জন যাত্ৰী আছিল বুলি জানিব পৰা হৈছে । এই ঘটনাৰ ফলত দুজন যাত্ৰী নিহত হোৱাৰ লগতে ১২ জন যাত্ৰী গুৰুতৰভাৱে অগ্নিদগ্ধ হয়( 2 dead, 12 injured as sleeper bus catches fire on Delhi-Jaipur highway) ।

উল্লেখ্য যে বুধবাৰে নিশা প্ৰায় ৯ বজাত গুৰুগ্ৰামৰ চিগনেচাৰ টাৱাৰৰ সমীপত হঠাৎ এখন নৈশ বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ লগতে সৃষ্টি হয় এক হুলহুুলীয়া পৰিৱেশৰ । এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে ঘটনাৰ ,সম্পৰ্কে অগ্নিনিৰ্বাপক বাহিনী খবৰ দিয়ে । অগ্নিকাণ্ড ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দল । কিন্তু অগ্নিনিৰ্বাপক বাহিনী আহি জুই নিৰ্বাপন কৰালৈ বাছখন সম্পূৰ্ণভাৱে জ্বলি ভস্মীভূত হয় ৷

বৰ্তমানলৈ জানিব পৰা হোৱা নাই এই ভয়ংকৰ অগ্নিকাণ্ডৰ কাৰণ ৷ এই অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিমিষতে বাছখন জ্বলি ভস্মীভূত হয় ৷

এই ভয়ংকৰ অগ্নিকাণ্ডৰ সম্পৰ্কে আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি , আহতসকলৰ পাঁচজনক মেদান্ত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু বাকীসকলক অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে(2 Dead As Passenger Bus Catches Fire On Gurugram-Jaipur Highway) ।

অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি, নৈশ বাছখন দিল্লীৰ পৰা জয়পুৰলৈ যোৱা মূল পথৰ ঝাৰছা ফ্লাই অভাৰৰ সমীপত নিশা প্ৰায় ৮.৩০ বজাত নৈশ বাছখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ তথ্য লাভ কৰে ৷ নৈশ বাছত জুই লাগি যোৱাৰ তথ্য পোৱাৰ পিচতেই ততাতৈয়াকৈ তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উক্ত স্থানলৈ প্ৰেৰণ কৰা হয় । কিন্তু জুই নিয়ন্ত্ৰণ কৰাৰ সময়লৈকে দুজন যাত্ৰী মৃত্যুমুখত পৰে আৰু আন কেইবাজনো যাত্ৰী গুৰুতৰভাৱে অগ্নিদগ্ধ হয় ৷

আনহাতে বাছখনত থকা আন য়াত্ৰীসকলক উদ্ধাৰ কৰি অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰা হয় ।

চিকিৎসকে জানিবলৈ দিয়ে অনুসৰি ৭ জন যাত্ৰী শৰীৰত ৩০ৰ পৰা ৫০ শতাংশ জুইত অগ্নিদগ্ধ হৈছে ৷

এই ঘটনাৰ পিছতে, উপ আয়ুক্ত নিশান্ত কুমাৰ যাদৱ আৰু গুৰুগ্ৰাম আৰক্ষী আয়ুক্ত বিকাশ কুমাৰ অৰোৰাই এই অগ্নিকাণ্ডৰ পাচত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰিছে । আৰক্ষীয়ে লগতে মৃত লোকদুজনৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে ।