Virender Sehwag and wife Aarti to get divorced ? বীৰেন্দ্ৰ সেহৱাগ আৰু পত্নী আৰতিৰ হব নেকি ‘বিবাহ বিচ্ছেদ’ ?
২৪ জানুৱাৰী ২০২৫ ৱেবডেস্ক: দুটা ট্ৰিপল শতক অৰ্জন কৰা অৱসৰপ্ৰাপ্ত ক্ৰিকেটাৰগৰাকীক লৈ বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল, কাৰণ এটা প্ৰতিবেদনে তেওঁৰ আৰু পত্নী আৰতিৰ ব্যক্তিগত জীৱনৰ ওপৰত ‘বিবাজ বিচ্ছেদৰ’ ডাঙৰ দাবী উত্থাপন কৰিছিল। ২০০৪ চনৰ ডিচেম্বৰ মাহত আৰতিৰ সৈতে বীৰেন্দ্ৰ ছেহৱাগে বিবাহপাশত আবদ্ধ হয়। কিন্তু শেহতীয়া তথ্য অনুসৰি দম্পতীৰ মাজত সকলো ঠিক নাই বিভিন্ন প্ৰকাশিত বাতৰি অনুসৰি ছেহৱাগ আৰু আৰতীয়ে কেইবামাহো ধৰি পৃথকে পৃথকে বসবাস কৰি আহিছে।এই খবৰ অহাৰ পিছতে ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ,বিবাহ বিচ্ছেদৰ সম্ভাৱনা আছে দম্পতীৰ । খবৰ সন্দৰ্ভত পিছে কোনো পক্ষৰ পৰা কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা নাই বৰ্তমানো। বীৰেন্দ্ৰ ছেহৱাগে শেহতীয়াকৈ পত্নী আৰতিৰ সৈতে কোনো ফটো পোষ্ট কৰা নাই যদিও তেওঁৰ প্ৰফাইলত দম্পতীহালৰ পুৰণি ফটো বৰ্তমানো আছে। কিন্তু প্ৰাইভেট ইনষ্টাগ্ৰাম প্ৰফাইল আৰতিক ফ’ল’কৰা নাই প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।