Police threaten to shut down religious gatherings of Muslims:ইছলাম ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় সভা বন্ধ কৰাৰ ভয় ভাবুকি আৰক্ষীৰ !
২৪ জানুৱাৰী ২০২৫,বিলাসীপাৰা: বিলাসীপাৰাত আৰক্ষীৰ কৰ্ম কাণ্ডকলৈ সৃষ্টি হৈছে তীব্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ ইছলামীক ধৰ্মগুৰু, চিন্তাবিদ, ৰাজনৈতিক নেতা, সচেতন মহল সহ বিভিন্ন জনৰ প্ৰতিক্ৰিয়া প্ৰকাশ।বিলাসীপাৰাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় সভা বন্ধ কৰাৰ ভয় ভাবুকি আৰক্ষীৰ। ফোন যোগে ধৰ্মীয় সভা বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰাৰ উপৰিও ধৰ্মীয় সভাক চুড়ান্ত অপমান কৰাৰ অভিযোগ শালকোচা আৰক্ষীৰ বিৰুদ্ধে।টিলাপাৰাৰ সন্তোষপুৰত শান্তিপূৰ্ণ ভাৱে চলি আছিল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় সভা।ৰাজিয়াতুল উলুম বানাত মাদ্ৰাছাই চৰকাৰী সকলো নিয়ম নীতি মানি অনুষ্ঠিত কৰিছিল ধৰ্মীয় সভা।আৰক্ষীয়ে অনুমতি প্ৰদান কৰাৰ পিছতও শালকোচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃতিমান পাঠকে ফোনযোগে সভা বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে ধৰ্মীয় সভাক অপমান কৰাৰ অভিযোগ বিষয়া গৰাকীৰ বিৰুদ্ধে। আৰক্ষী বিষয়া গৰাকীয়ে ফোন যোগে ধৰ্মীয় সভাক অপমান আৰু ভাবুকি প্ৰদান কৰাৰ কথা পোহৰলৈ অহাত জাঙুৰ খাই উঠে ইছলাম ধৰ্মাৱলম্বী লোকসকল।ধৰ্মীয় সভাৰ মঞ্চৰ পৰাই আৰক্ষী বিষয়া গৰাকীক তীব্ৰ সমালোচনা কৰে প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাই।ইয়াৰ উপৰিও ক্ষোভ আৰু আক্ষেপ প্ৰকাশ কৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ধৰ্মীয় সভাখনত অতিথি হিচাপে উপস্থিত থকা ধৰ্মগুৰু সকলে।উক্ত ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে সভাত উপস্থিত থকা শ শ ইছলাম ধৰ্মাৱলম্বী লোক সকলে।শান্তিপূৰ্ণ ভাৱে চলি থকা অনুষ্ঠানলৈ ভয় ভাবুকি আৰু অপমানজনক মন্তব্য আগবঢ়োৱাৰ ভয়ংকৰ অভিযোগ শালকোচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃতিমান পাঠকৰ বিৰুদ্ধে।