Local, Vocal, Global

Manipur Violence : অশান্ত মণিপুৰ; মণিপুৰৰ বিজেপি কাৰ্যালয় আৰু বিজেপি সভাপতিৰ ঘৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ

নেশ্যনেল ডেস্ক, ২৮ ছেপ্টেম্বৰ : উত্তপ্ত মণিপুৰ । পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ(Manipur Violence) । চলিত বৰ্ষৰ ৩ মে’ৰ পৰা মেইটেই আৰু কুকিসকলৰ মাজত আৰম্ভ হৈছিল সংঘৰ্ষ । এই সংঘৰ্ষই যেন এতিয়াই বন্ধ হোৱাৰ নাম লোৱা নাই। বিগত চাৰিমাহে মণিপুত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বাবে বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা । কিন্তু ২৩ছেপ্টেম্বৰত মণিপুৰৰ পৰিস্থিতি কিছু সাম কটাৰ বাবে ইণ্টাৰনেট সেৱা মুকলি কৰি দিছিল যদিও ইণ্টাৰনেট সেৱা মুকলি কৰাৰ লগে লগে পোহৰলৈ আহিছিল আন এক হিংসাত্মক ঘটনাৰ(Violent protests rock Imphal mob vandalises deputy commissioner’s office and torches two vehicles) ।

উল্লেখ্য যে, ২৩ছেপ্টেম্বৰত ইণ্টাৰনেট সেৱা মুকলি কৰাৰ পিছতে দুগৰাকী শিক্ষাৰ্থীৰ মৃতদেহৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল । ফটো ভাইৰেলৰ পাছৰেৰ পৰা মণিপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷

আজি মণিপুৰৰ বিজেপি কাৰ্যালয় আৰু বিজেপি সভাপতিৰ ঘৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীয়ে।ইম্ফল পশ্চিমৰ উপ-আয়ুক্তৰ কাৰ্যালয় ভাঙি পেলোৱাৰ লগতে জ্বলাই দিয়ে দুখন চাৰিচকীয়া বাহন । আৱাসিক এলেকাত নিৰাপত্তা বাহিনীৰ প্ৰৱেশ ৰোধৰ বাবে টায়াৰ, বোল্ডাৰ আৰু লোহাৰ পাইপ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে থৌবাল জিলাৰ খংজামত বিজেপিৰ এটা কাৰ্যালয়ত অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীয়ে । মণিপুৰ আৰক্ষীয়ে এক বিবৃতিত জনোৱা অনুসৰি, প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বাহন জ্বলাই দিয়ে।

ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ বন্ধ কৰিবলৈ আৰক্ষীয়ে ব্যৱহাৰ কৰে কন্দুৱা গেছ। সৃষ্টি হয় আৰক্ষী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত হতাহতিৰ ।

অগ্নিগৰ্ভা মণিপুৰক লৈ এতিয়া চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। পুনৰ অশান্ত অঞ্চলৰূপে ঘোষণা কৰা হৈছে মণিপুৰক। পুনৰ ৬ মাহৰ বাবে বৃদ্ধি কৰা হৈছে এএফএচপিএৰ ম্যাদ।

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বৃহস্পতিবাৰে শ্ৰীনগৰ আৰক্ষীৰ শীৰ্ষ বিষয়া ৰাকেশ বলৱালক পুনৰ উত্তৰ-পূবলৈ ঘূৰাই পঠিয়াইছে। মণিপুৰৰ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ অশান্ত অঞ্চলৰূপে ঘোষণা কৰা হৈছে মণিপুৰক।

লগতে পঢ়ক :CRPF to give security cover to CBI teams in Manipur : মণিপুৰত CBI ক নিৰাপত্তাৰ দিব CRPF য়ে