Vinesh Phogat To Fight From Haryana’s Julana : হাৰিয়ানাৰ বিধানসভা সমষ্টিৰ পৰা বিনেশ ফোগাটে পালে টিকট
নিউজ ডেস্ক,৭ছেপ্তেম্বৰ : কংগ্ৰেছত যোগদান কৰাৰ পিছতে বিনেশ ফোগাটক হাৰিয়ানাৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে টিকট প্ৰদান কৰিলে কংগ্ৰেছে।
উল্লেখ্য যে, অহা ৫ অক্টোবৰত হাৰিয়ানা বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনত বিনেশ ফোগাট কংগ্ৰেছ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা পূৰ্বৰে পৰা আছিল। শুকুৰবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বে ৰে’লৱেৰ চাকৰিৰ পৰা পদত্যাগ কৰিছে বিনেশ ফোগাটে(After Congress Entry, Vinesh Phogat To Fight From Haryana’s Julana) ।
কংগ্ৰেছে তেওঁক বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত পূৰ্বেই গ্ৰহণ কৰিছিল। কেৱল আনুষ্ঠানিকতাহে বাকী আছিল। সেই আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পিছতে লগে লগে ঘোষণা কৰিলে কংগ্ৰেছ প্ৰাৰ্থী হিচাপে বিনেশৰ নাম।
উল্লেখ্য যে, পেৰিছ অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছত স্বপ্নভংগ হৈছিল বিনেশ ফোগাটৰ।জোখতকৈ ওজন বৃদ্ধি পোৱাৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰা হৈছিল। অৱশ্যে তেওঁক দেশত উপস্থিত হোৱাৰ লগে লগে চেম্পিয়নৰ দৰেই সন্মান প্ৰদান কৰিছিল মল্লযুঁজাৰু আৰু অনুৰাগীসকলে।স্বদেশত উপস্থিত হোৱাৰ পিছতে বিনেশক আদৰিবলৈ বিমান বন্দৰলৈ গৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিন্দৰ সিং হুডা। একেদৰে পৰৱৰ্তী সময়ত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ সৈতেও তেওঁৰ সাক্ষাত হৈছিল।
লগতে পঢ়ক : Hathras road accident: বাছ আৰু এখন পিকআপ ভানৰ মাজত সংঘৰ্ষ;নিহত ১৭জনকৈ লোক