Local, Vocal, Global

Veteran Lyricsist Dev Kohli Passed Away: গীতিকাৰ দেৱ কোহলী আৰু নাই, ৮১বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰখ্যাত গীতিকাৰজনে

এণ্টাৰটেনমেন্ট ডেস্ক, ২৬আগষ্ট : গীতিকাৰ দেৱ কোহলী আৰু নাই । ভাৰতীয় চিনেমাৰ প্ৰখ্যাত গীতিকাৰ দেৱ কোহলীৰ দেহাৱসান । কেইবাটাও হিট গান উপহাৰ দিছিল প্ৰখ্যাত গীতিকাৰ দেৱ কোহলী(Veteran Lyricsist Dev Kohli Passed Away) । ১০০ খনতকৈও অধিক হিন্দী ছবিত গীত ৰচনা কৰিছিল দেৱ কোহলীয়ে । তেখেতৰ বহু গীত এতিয়াও মানুহৰ মুখত শুনিবলৈ পোৱা যায়(Veteran lyricist Dev Kohli dies at 81 in Mumbai) ।

প্ৰখ্যাত গীতিকাৰ দেৱ কোহলীয়ে ছলমান খানৰ ব্লকবাষ্টাৰ ছবি ‘মেনে প্যাৰ কিয়া’ৰ কবুতৰ জা-জা আৰু আজা শ্বাম হ’নে আয়ি আৰু জুৰৱাৰ ঊনচি হ্যে বিল্ডিং আৰু চলটি হায় ক্যা ৯ ছে ১২ গীতটো ৰচনা কৰিছিল ।যি অনুৰাগীয়ে কম সময়ৰ ভিতৰতে আকোৱালি লৈছিল ।

একে সময়তে তেওঁ ২০০৫ চনত মুছাফিৰ ছবিৰ হিট গীত ছাকি-ছাকিও গীতটো লিখিছিল । গীতিকাৰ দেৱ কোহলীয়ে অনু মালিক, আনন্দ ৰাজ আনন্দ, আনন্দ মিলিন্দৰ দৰে বহু সংগীত সুৰকাৰৰ সৈতে কাম কৰিছিল আৰু ছবি জগতলৈ বহু ছুপাৰহিট গীত দিছে ।

আজি প্ৰখ্যাত গীতিকাৰজনে ইহ সংসাৰৰ পৰা বিদায় লয় । ইতিমধ্যে প্ৰখ্যাত গীতিকাৰজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে চেলিব্ৰিটিসকলে(Veteran lyricist Dev Kohli passes away at the age of 81)।

কোহলীৰ জন্ম হৈছিল ১৯৪২ চনৰ ২ নৱেম্বৰত ৰাৱালপিণ্ডীত, যিখন বৰ্তমান পাকিস্তানত আছে । ভাৰত- পাকিস্তানৰ বিভাজনৰ পিছত তেওঁৰ পৰিয়ালে ডেৰাডুনত বাস কৰিবলৈ লয় । জানিব পৰা প্ৰবীণ গীতিকাৰগৰাকীয়ে শ্ৰীগুৰু নানক দেৱ গুৰু মহাৰাজ মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল । ১৯৫৮ চনত পিতৃৰ মৃত্যু হয় আৰু পিতৃৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৬ বছৰ । ১৯৬৪ চনত ২২ বছৰ বয়সত তেওঁ কামৰ সন্ধানত মুম্বাইলৈ আহিছিল ।

গীতিকাৰগৰাকীৰ ১৯৬৯ চনত গুণ্ডা ছবিত সুযোগ লাভ কৰিছিল আৰু প্ৰথম কৰ্মজীৱনৰ পাতনি মেলিছিল। কিন্তু ১৯৭১ চনত নিৰ্মিত লাল পাত্থৰ ছবিখনৰ বাবে লিখা ‘গীত গাতা হু মে’ গীতটোৱেই আছিল তেওঁৰ প্ৰথম সফলতা । শংকৰ – জয়ীষানৰ পৰা বিশাল আৰু শেখৰলৈকে প্ৰবীণ গীতিকাৰ দেৱ কোহলিয়ে প্ৰজন্মৰ প্ৰজন্মৰ সুৰকাৰৰ সৈতে কাম কৰি আহিছে।

উল্লেখ্য যে, ১৯৮৯ চনত তেওঁ ছলমান খানৰ মেগাব্লকষ্টাৰ ‘মেনে প্যাৰ কিয়া’ৰ বাবে ‘আতে জাতে হস্তে গাতে’, ‘আজ শ্বাম হনে আয়ী’, ‘মাইনে প্যাৰ কিয়া’, ‘কবুতৰ জা জা জা’ তথা হিন্দী চিনেমাৰ ইতিহাসত অমৰ হৈ পৰা হম আপকে হ্যে কৌন ছবিৰ ‘দিদি তেৰা দেৱৰ দীৱানা’, ‘মাই-নি মাই মুন্দেৰ পে তেৰী’, ‘চকলেট লাইম জুইচ’ দৰে হিট গীত ৰচনা কৰিছিল ।

দেৱ কোহলীৰ শেষ দৰ্শন দিনৰ ২ বজাৰত মুম্বাইৰ লোকাণ্ডৱালা কমপ্লেক্সৰ ৪ নং ক্ৰছ লেনৰ জুপিটাৰ এপাৰ্টমেণ্টত থকা ঘৰত অনুষ্ঠিত হ’ব। সন্ধিয়া ৬ বজাত যোগেশ্বৰী পশ্চিমৰ অশিৱাৰা শ্মশানত তেওঁৰ অন্তিম অনুষ্ঠান সম্পন্ন কৰা হ’ব। দেৱৰ তেওঁৰ অন্তিম অনুষ্ঠানত আনন্দ ৰাজ আনন্দ, অনু মালিক, উত্তম সিংকে ধৰি বলীউডৰ ভ্ৰাতৃত্ববোধৰ আন কেইজন উপস্থিত থাকিব ।

লগতে পঢ়ক :Seema Deo Passes Away: হিন্দী আৰু মাৰাঠী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী সীমা দেওৰ দেহাৱসান