CM urges Transport Department : জিলা পৰিবহণ বিষয়াক যান-বাহন আইন কঠোৰভাৱে বলবৎকৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
![](https://mynewsne.com/wp-content/uploads/2023/06/্েু্িপুিং-750x430.jpg)
নিউজ ডেস্ক, ১৩ জুন : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবোৰে জনতা ভৱনত মুখ্যমন্ত্রীৰ কাৰ্যালয় সভাগৃহত জিলা পৰিবহণ বিষয়াসকলৰ লগত এক পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে (CM Himanta Biswa Sarma) । এই বৈঠকত পৰিবহণ বিভাগৰ দ্বাৰা জনসাধাৰণলৈ আগবঢ়োৱা অনলাইন সেৱাই জনসাধাৰণক কিদৰে উপকৃত কৰিছে, জনসাধাৰণৰ ওজৰ-আপত্তি নিষ্পত্তিৰ দিশত লোৱা ব্যৱস্থাৱলী, বিগত সময়ছোৱাত হোৱা গাড়ী পঞ্জীয়নৰ সংখ্যা, ৰাজহ সংগ্ৰহ, পুৰণি যান-বাহন নষ্ট কৰা ব্যৱস্থা আদিকে ধৰি এনে বিষয়সমূহ বিশদভাৱে আলোচনা কৰা হয় ।
মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৈঠক পথ সুৰক্ষাৰ বিষয়টো গুৰুত্বসহকাৰে আলোচনা কৰে । বৈঠকত জনসাধাৰণে জিলা পৰিবহণ বিষয়াক যিকোনো বিষয়ৰ ওজৰ আপত্তি আগবঢ়ালে সেই বিষয়সমূহ তৎকালীনভাবে সমাধান কৰাৰ নির্দেশ দিয়ে।
মুখ্যমন্ত্ৰীয়ে কয় যে, জনসাধাৰণে যাতে ঘৰতে বহি পৰিবহন বিভাগৰ সেৱাসমূহ লাভ কৰিব পাৰে সেই দিশত সমগ্ৰ প্ৰক্ৰিয়াটো ডিজিটেলাইজেশান কৰা হৈছে। এই সেৱাসমূহ স্বয়ংক্রিয়ভাৱে অনলাইনত নিশ্চিত ৰূপত লাভ কৰিব পাৰে । তাক সুনিশ্চিত কৰাৰ বাবেও মুখ্যমন্ত্রীয়ে জিলা পৰিবহণ বিষয়াসকলক নির্দেশ দিয়ে।
মুখ্যমন্ত্রীয়ে লগতে কয় যে বিগত সময়ছোৱাত ৰাজ্যখনত হোৱা শোকাৱহ পথ দুর্ঘটনাৰ কাৰণসমূহ বিশ্লেষণ কৰাৰ লগতে ৰাজ্যিক পথ সুৰক্ষা সমিতিৰ দ্বাৰা চিনাক্ত কৰি সঘনাই দুর্ঘটনা হোৱা স্থানসমূহত ল’ব লগীয়া প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰতিগৰাকী জিলা পৰিবহণ বিষয়াক নির্দেশ দিয়ে।
মুখ্যমন্ত্রীয়ে বৈঠকত জিলা পৰিবহণ বিষয়াসকলক যানবাহন আইনসমূহ কঠোৰভাৱে বলবৎ কৰি আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে (Transport Department)
। ৰাজ্যৰ যিসমূহ বাহন বহিঃৰাজ্যৰ পঞ্জীয়নভুক্ত হৈ চলি আছে সেই বাহনসমূহৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ লগতে ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলত পঞ্জীয়নবিহীন আৰু বিমাবিহীনভাৱে চলি থকা ডাম্পাৰসমূহৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্রীয়ে জিলা পৰিবহণ বিষয়াসকলক নির্দেশ দিয়ে।
ৰাজ্যখনত সংঘটিত হৈ থকা দুৰ্ঘটনাৰ হাৰ ৰোধ কৰিবলৈ সুৰাপান কৰি বাহন চলোৱা আৰু হেলমেটবিহীনভাৱে দুচকীয়া বাহন চলোৱা আৰু চীট বেল্টবিহীনভাৱে গাড়ী চলোৱা চালকসকল তথা যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে তালাচী অভিযান অব্যাহত ৰাখিবলৈ জিলা পৰিবহণ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে।
ৰাজ্যখনৰ থানাসমূহত থকা বাহনসমূহ ৯০ দিন উকলি যোৱাৰ পিছত বিভাগীয় মন্ত্রীৰ লগত আলোচনা কৰি নিলামৰ ব্যৱস্থা কৰিবলৈ পৰিবহণ বিভাগক নির্দেশ দিয়ে। অৰ্থাৎ বাজেয়াপ্ত কৰা বাহন ৯০দিনৰ ভিতৰত গৰাকীয়ে চমজি নল’লে সেইখন নিলাম কৰিব বিভাগে ৷
সোমবাৰৰ এই বৈঠকত পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, পৰিবহণ বিভাগৰ সচিব আদিল খান প্ৰমুখ্যে পৰিবহন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থকাৰ লগতে নবনিযুক্ত যান-বাহন পৰিদর্শকসকলো উপস্থিত থাকে ৷
লগতে পঢ়ক : Guwahati Water pipe explosion : পুৱাই জলবিস্ফোৰণস্থলী পৰিদৰ্শন মন্ত্ৰী সিংহলৰ