পত্নী নাটাশাৰ সৈতে ক’ত থাকিব বৰুণ?

পত্নী নাটাশাৰ সৈতে ক’ত থাকিব বৰুণ??
বলিউডৰ জনপ্রিয় অভিনেতা বৰুণ ধাৱনৰ বিবাহৰ খবৰে ইতিমধ্যে চৰ্চা লাভ কৰিছে সকলোতে। যোৱা ২৪ জানুৱাৰীত দীৰ্ঘদিনীয়া প্ৰেমিকা নাটাশা ডালালৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল অভিনেতা গৰাকী।অভিনেতা গৰাকীৰ বিবাহৰ ফটোৰ লগতে বিবাহৰ পূৰ্বৰ ফটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। সমান্তৰালভাৱে ছচিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে আন এক বিষয়ে।নৱবিবাহিত দম্পতীহাল থকা ঘৰক লৈ চলিছে চৰ্চা।বৰুণে এটা ইণ্টাৰভিউ জৰিয়তে জনাইছিল যে বিবাহৰ পিচত তেওঁ পত্নীৰ সৈতে নিজৰ ঘৰতে বাস কৰিব যিটো ঘৰ তেওঁ ২০১৭চনতে ক্ৰয় কৰিছিল।