জামিন লাভ কৰিলে বৰ্ষাশ্ৰী

নিউজ ডেস্ক, ২১ জুলাই : অৱশেষত জামিন লাভ কৰিলে বৰ্ষাশ্ৰীয়ে। চলিত বৰ্ষৰ মে’ মাহৰ ১৮ তাৰিখে গ্ৰেপ্তাৰ হোৱা অসমৰ স্নাতক শিক্ষাৰ্থী বৰ্ষাশ্ৰী বুৰাগোহাঁইক বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকত নিষিদ্ধ সংগঠন ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ আসাম-ইণ্ডিপেণ্ডেণ্ট (আলফা)ক সমৰ্থন কৰি এটা কবিতা লিখাৰ বাবে ১৮ মে’ত গ্ৰেপ্তাৰ কৰা হৈছিল বৰ্ষাশ্ৰীক।
এখন আদালতে ১৬ জুলাইত অনুষ্ঠিত হোৱা স্নাতক পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে বৰ্ষাশ্ৰীক অনুমোদন জনাইছিল। আৰু কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ অধীনত পৰীক্ষাত অৱতীৰ্ণ হৈছিল বৰ্ষাশ্ৰী।
গোলাঘাট জিলাৰ উৰিয়ামঘাটত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন বা UAPAৰ অধীনত ‘অকৌ কৰিম ৰাষ্ট্ৰ দ্ৰোহ’ শীৰ্ষক এটা কবিতাৰ বাবে অভিযুক্ত কৰা হৈছিল বৰ্ষাশ্ৰীক (পুনৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব)