Local, Vocal, Global

কাৰাগাৰত পৰীক্ষাত বহিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই

নিউজ ডেক্স, ১৬ জুলাই : কাৰগাৰতে পৰীক্ষা দিলে বিতৰ্কিত বৰ্ষাশ্ৰী বুঢ়াগোহাঁয়ে। বিতৰ্কিত ফেচবুক পোষ্টৰ বাবে টীয়কৰ ১৯ বছৰীয়া ছাত্ৰীগৰাকীক বিগত দুমাহ ধৰি কাৰাৰুদ্ধ কৰি ৰখাৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত পৰীক্ষা দিয়াৰ অনুমতি প্ৰদান কৰা হৈছিল বৰ্ষাশ্ৰীক ।

সঠিক স্থান ৰূপে গোলাঘাট কাৰাগাৰকে ঠিক কৰিছিল পৰীক্ষাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত থকা ডিচিবি কলেজৰ অধ্যক্ষই।

ডিচিবি কলেজৰ পৰীক্ষাৰ ভাৰপ্ৰাপ্ত বিষয়াই গোলাঘাট জিলা প্ৰশাসন তথা কাৰাগাৰ কৰ্তৃপক্ষৰ সহযোগত বৰ্ষাশ্ৰীৰ বাবে পৰীক্ষাৰ যাৱতীয় প্ৰস্তুতি চলাই তেওঁক পৰীক্ষাত বহাৰ সুবিধা কৰি দিয়ে।

শনিবাৰে পুৱা ৯ বজাৰ পৰা গোলাঘাট জিলা কাৰাগাৰতে পৰীক্ষাত বহে বৰ্ষাশ্ৰীয়ে।

ইফালে আজি পুৱা অনুষ্ঠিত বৰ্ষাশ্ৰীৰ প্ৰথমটো পৰীক্ষাত কন্যাৰ কুশল কামনা কৰি পিতৃয়ে আধ্যাত্মিক আৰাধনা কৰে । পুৱাই পিতৃয়ে পূজা-অৰ্চনাৰে বৰ্ষাশ্ৰীৰ বাবে প্ৰাৰ্থনা কৰে।

উল্লেখ্য, অংক বিষয়ত অনাৰ্চ লৈ স্নাতক মহলাত অধ্যয়ন কৰি থকা বৰ্ষাশ্ৰীৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত আছিল ৫টা বিষয়ত লেটাৰ। এনে অৱস্থাত মেধাৱী ছাত্ৰীগৰাকীক ফেচবুক পোষ্টৰ বাবে গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰা কথাটোক লৈ তুমুল চৰ্চা হৈছিল ৰাজ্যজুৰি।