Local, Vocal, Global

অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বান্দৰদেৱাৰ পৰা উদ্ধাৰ এজন যুৱকৰ মৃতদেহ

নিউজ ডেস্ক, ১৬ জুলাই : অসমত ক্ৰমান্বয়ে বৃদ্ধি পাইছে বিভিন্ন ঠাইৰ পৰা মৃতদেহ উদ্ধাৰৰ ঘটনা।

পুনৰ শনিবাৰে অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বান্দৰদেৱাৰ পৰা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

অৰুণাচলৰ মাজেৰে বৈ যোৱা ডিক্ৰং নদীৰ পৰা পচা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো।

মৃতব্যক্তিজনক ইটানগৰৰ North Eastern Regional Institute of Science and Technology (NERIST)ৰ B.Tech বিভাগৰ অন্তিম বৰ্ষৰ ছাত্ৰ ইকাৰ টাকি বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ মন্তব্য অনুসৰি, টাকি তেওঁৰ কেইজনমান বন্ধুৰ সৈতে ডিক্ৰং নদীত গা ধুবলৈ অহাৰ পিছত ১২ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছিল।

পৰৱৰ্তী সময়ত, অৰুণাচল আৰক্ষীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (NDRF) সৈতে নদীখনত তালাচী অভিযান আৰম্ভ কৰিছিল আৰু অৱশেষত আজি উদ্ধাৰ হয় টাকিৰ মৃতদেহ।

উল্লেখ্যযোগ্য যে, Ikar Tak পাচিঘাটৰ মিৰিম গাঁৱৰ বাসিন্দা আছিল।