এমাহৰ ভিতৰতে তৃতীয়টো দুৰ্ঘটনা! এইবাৰ গৰুৰ খুন্দাত বিকল হৈ পৰিল বন্দে ভাৰত এক্সপ্ৰেছৰ ইঞ্জিন
ডিজিটেল ডেস্কঃ আকৌ দুৰ্ঘটনাত পতিত হ’ল বন্দে ভাৰত এক্সপ্ৰেছ। এইবাৰ গৰুৰ খুন্দাত বিকল হৈ পৰিল ভাৰতৰ ছেমি হাই স্পীড এক্সপ্ৰেছ ৰে’লখনৰ ইঞ্জিন।
শনিবাৰে পুৱা গুজৰাটৰ ভালছাদৰ অতুল ৰেল ষ্টেচনৰ মাজেৰে যাত্ৰা কৰাৰ সময়তে হঠাৎ ৰে’লপথত উপস্থিত হোৱা গৰুক খুন্দা মাৰি বিকল হৈ পৰে বন্দে ভাৰত এক্সপ্ৰেছৰ ইঞ্জিন।
গৰুৰ খুন্দাত ৰে’লখনৰ সন্মুখৰ অংশ খহি পৰাৰ লগতে পাইপ ফাটি যোৱাত পানী যোগানো বন্ধ হৈ পৰে। একে সময়তে গৰুৰ খুৃন্দাত ৰে’লখনৰ এটা ডবা বিচ্ছিন্ন হৈ পৰা বুলিও জানিব পৰা গৈছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে একেটা মাহতে মুম্বাইৰ পৰা আহমেদাবাদলৈ যোৱা এখন বন্দে ভাৰত এক্সপ্ৰেছত ম’হে খুন্দা মৰাত সন্মুখৰ অংশ ক্ষতিগ্ৰস্ত হৈ পৰিছিল। দুৰ্ঘটনাত ৪টা ম’হৰো মৃত্যু ঘটিছিল।
ইয়াৰ পিছতে যোৱা ৭ অক্টোবৰত বদোদৰা সংমণ্ডলৰ আনন্দৰ সমীপত বন্দে ভাৰত এক্সপ্ৰেছৰ সৈতে এটা গৰুৰ সংঘৰ্ষ হয়।
প্ৰণিধানযোগ্য যে, যোৱা ৩০ ছেপ্টেম্বৰত গুজৰাটৰ গান্ধী নগৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰি যাত্ৰীৰ বাবে মুকলি কৰিছিল।