গাড়ীৰ ভিতৰত অন্য যুৱতীৰ সৈতে ৰোমাণ্টিক মুহূৰ্ততত প্ৰযোজক স্বামী! হাতে লোটে ধৰা পেলোৱা পত্নীক গাড়ীৰে চেপি হত্যাৰ চেষ্টা…
ডিজিটেল ডেস্কঃ গোপনে অন্য যুৱতীৰ সৈতে প্ৰেম চলি আছিল প্ৰযোজক স্বামীৰ। কিন্তু পত্নীৰ হাতত ধৰা পৰাৰ পিছতে পত্নীকেই গাড়ীৰে চেপি চলালে হত্যাৰ চেষ্টা।
এনে এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে মায়ানগৰী মুম্বাইত। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে পত্নীক হত্যাৰ চেষ্টা চলোৱাৰ এক লোমহৰ্ষক ভিডিঅ’ও।
অভিযুক্ত ছবি প্ৰযোজক জনৰ নাম কমল কিশোৰ মিশ্ৰ বুলি জানিব পৰা গৈছে। হত্যাৰ অপচেষ্টা চলোৱা প্ৰযোজক স্বামীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভূগী মহিলাগৰাকীয়েও।
ভাইৰেল হোৱা চিচিটিভি ফুটেজত দেখা গৈছে এখন বগা ৰঙৰ গাড়ী। গাড়ীখনৰ সন্মুখত এগৰাকী মহিলাই থিয় হৈ গাড়ীৰ ভিতৰত থকা ব্যক্তিজনক কিবা ক’ব খোজা যেন পৰিলক্ষিত হৈছে।
কিন্তু চালকে মহিলাগৰাকীৰ কথা নুশুনি তেওঁক খুন্দিয়াই পাৰ হৈ যোৱাৰ চেষ্টা কৰে। যাৰ ফলত চকাৰ তলত সোমাই পৰে মহিলাগৰাকী।
লগে লগে এগৰাকী চিকিউৰিটি গাৰ্ড উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে যদিও চালকজনে গাড়ীসহ সেই স্থান ত্যাগ কৰে।
এই ভয়ংকৰ দৃশ্যই এতিয়া সামাজিক মাধ্যমতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, মহিলাগৰাকী হৈছে প্ৰযোজক কমল কিশোৰ মিশ্ৰৰ পত্নী। প্ৰযোজক স্বামীৰ সৈতে মুম্বাইৰ পশ্চিম আন্ধেৰীত বাস কৰে তেওঁ।
শেহতীয়াকৈ প্ৰযোজকজনৰ আন এগৰাকী যুৱতীৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পায়। যাৰ ফলত পতি-পত্নীৰ মাজত সংঘাত বৃদ্ধি পাবলৈ ধৰে।
১৯ অক্টোবৰত মহিলাগৰাকীয়ে স্বামীৰ পিছা কৰি পাৰ্কিং লটত গাড়ীৰ ভিতৰত আন এগৰাকী যুৱতীৰ সৈতে হাতে-লোটে ধৰা পেলায়।
তাৰ পিছতে গাড়ীৰে মহতিয়াই পত্নীক হত্যাৰ চেষ্টা চলায় প্ৰযোজক কমল কিশোৰ মিশ্ৰই।
মহিলাগৰাকীয়ে ইতিমধ্যে প্ৰযোজক স্বামীৰ বিৰুদ্ধে আম্বালি থানাত এজাহাৰ দাখিল কৰিছে।